/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/892ad6e7-2492-48ab-a5f5-e56fa4f8cbfa/Naga.jpg)
ডিজিটেল সংবাদ, বেকাজানঃ এন এছ চি এন খাপলাং নগা বিদ্ৰোহীৰ সন্দেহ ২০২১ চনত নাগালেণ্ডৰ মন জিলাৰ অটিঙত ১৪ গৰাকীৰ কৈ নিৰীহ নাগৰিকক হত্যা কৰাৰ লগত জড়িত ৩০ জন অভিযুক্ত নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে বিচাৰৰ বাবে অনুমোদন প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছে ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সামৰিক পৰিক্ৰমা বিভাগে । এই সন্দৰ্ভত এক প্ৰেছ বিবৃতি জাৰি কৰিছে আৰক্ষী নাগালেণ্ড মহাপৰিদৰ্শক ৰূপিন শৰ্মাই ।
প্ৰেছ বিজ্ঞপ্তিটোত উল্লেখ কৰা হৈছে যে, ২০২২ চনৰ ২৪ মাৰ্চত নাগালেণ্ড আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে (SIT) অভিযুক্ত ব্যক্তিসকল তথা এই কাণ্ডৰ সৈতে জড়িত নিৰাপত্তা বাহিনীৰ দলটোৰ বিৰুদ্ধে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সামৰিক পৰিক্ৰমা বিভাগৰ পৰা বিচাৰৰ বাবে অনুমোদন বিচাৰিছিল।
তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত প্ৰক্ৰিয়া অনুসৰি বিচাৰৰ বাবে অনুমোদন লাভ নোহোৱালৈকে যোৱা বছৰৰ ৩০ মে’ত অভিযুক্ত ব্যক্তিসকলৰ বিৰুদ্ধে মন জিলাৰ জিলা সত্ৰ আদালত গোচৰটোৰ অভিযোগনামা দাখিল কৰা হৈছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/81bc6487-713c-4db4-bd99-81781f04bc20/WhatsApp_Image_2023_04_13_at_11_08_40_AM.jpeg)
সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতাৰ ধাৰা ১৯৭(২) চি আৰ পি চি আৰু ধাৰা ৬ৰ অধীনত কৰ্তব্য পালন কৰাৰ সময়ত নিৰাপত্তা বাহিনীৰ কৰ্মীসকলে গ্ৰহণ কৰা যিকোনো কাৰ্যৰ বাবে ভাৰত চৰকাৰৰ পৰা বিচাৰ অনুমোদনৰ প্ৰয়োজন ।
সেয়েহে অভিযুক্ত নিৰাপত্তা বাহিনীৰ জোৱানৰ পত্নীসকলেও এই গোচৰৰ কাৰ্যবিধি স্থগিত ৰখাৰ বাবে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। এইদৰে ২০২২ চনৰ ১৯ জুলাইত উচ্চতম ন্যায়ালয়ে দিয়া অন্তৱৰ্তীকালীন আদেশত গোচৰটোৰ পৰৱৰ্তী কোনো কাৰ্যবিধি স্থগিত ৰাখিছিল।
প্ৰতিৰক্ষা মন্ত্ৰালয়ে আটাইকেইজন অভিযুক্তৰ বিৰুদ্ধে বিচাৰৰ বাবে অনুমোদন প্ৰদান কৰিবলৈ অস্বীকাৰ কৰাৰ পিছত আইনৰ প্ৰয়োজনীয়তা অনুসৰি বিচাৰ অনুমোদন অস্বীকাৰ কৰাৰ বিষয়ে নাগালেণ্ডৰ মন জিলাৰ আদালতৰ জিলা ন্যায়াধীশ অৱগত কৰিছে । গতিকে এতিয়া এই সন্দৰ্ভত প্ৰেছ বিবৃতি জাৰি কৰি আৰক্ষী মহাপৰিদৰ্শক গৰাকীয়ে সকলোকে অৱগত কৰে।
Also Read: উৎকোচ লৈ গ্ৰেপ্তাৰ চৰকাৰী কৰ্মচাৰী