/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/7930026b-ca4a-44fd-a8c1-a98a26a25d43/z11.jpg)
ডিজিটেল সংবাদ, বেকাজানঃ ইষ্টাৰ্ণ নাগা পিপলছ অৰ্গেনাইজেচনৰ সভাপতি ছাপিকিউ চাংটামৰ নেতৃত্বত ১৩ জনীয়া এটা প্ৰতিনিধি দলে শনিবাৰে নতুন দিল্লীত ফ্ৰণ্টিয়া নাগালেণ্ডৰ দাবীৰ সন্দৰ্ভত গৃহ মন্ত্ৰালয়ৰ গৃহ সচিব অজয় কুমাৰ ভল্লাৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়।
শনিবাৰে দুপৰীয়া অজয় কুমাৰ ভল্লাৰ অধ্যক্ষতাত এনপিঅ’ৰ বিষয়া, ইএনপিঅ’ বাৰ্তা দল ইষ্টাৰ্ণ নাগালেণ্ড মহিলা সংগঠন (ইএনডব্লিউঅ’) আৰু ইষ্টাৰ্ণ নাগালেণ্ড ছাত্ৰ ফেডাৰেচন (ইএনএছএফ)ৰে গঠিত ১৩ জনীয়া প্ৰতিনিধি দলটোৱে এখন বৈঠক মিলিত হয়। উল্লেখযোগ্য যে ইষ্টাৰ্ণ নাগা পিপলছ অৰ্গেনাইজেচনৰ পৃথক ফ্ৰণ্টিয়া নাগালেণ্ডৰ পৰিৰ্ৱতে কেন্দ্ৰৰ প্ৰস্তাৱিত সুকীয়া স্বায়ত্ত পৰিষদৰ প্ৰদানৰ প্ৰস্তাৱ আগবঢ়াইছে। এই প্ৰশাসনিক ব্যৱস্থাত ৪০ জন নিৰ্বাচিত সদস্য আৰু ৰাজ্যপালৰ মনোনীত সদস্য ৯ জন থাকিব। প্ৰস্তাৱিত প্ৰশাসনিক ব্যৱস্থাত থাকিব বিধান, কাৰ্যবাহী আৰু বিত্তীয় স্বায়ত্তশাসন।
সূত্ৰসমূহে দাবী কৰা মতে, ভাৰত চৰকাৰেও ৪৫টা বিভাগক নতুন প্ৰশাসনিক গাঁথনিৰ অধীনলৈ অনাৰ বাবে সন্মতি প্ৰকাশ কৰিছে আৰু তদুপৰি পূব নাগালেণ্ডত এটা সুকীয়া সচিবালয় স্থাপন কৰা হ’ব। সূত্ৰই প্ৰকাশ কৰামতে নিষ্পত্তি স্মাৰকপত্ৰত স্বাক্ষৰ হোৱাৰ লগে লগে এবছৰৰ ভিতৰত অন্তৱৰ্তীকালীন স্বায়ত্ত পৰিষদ গঠন কৰা হ’ব।
উল্লেখ্য যে, শক্তি মন্ত্ৰী তথা চৰকাৰৰ মুখপাত্ৰই জানিবলৈ দিয়া মতে স্বায়ত্ত পৰিষদ গঠনৰ সন্দৰ্ভত ই এন পি অ নাগালেণ্ড আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত ত্ৰিপাক্ষিক আলোচনা অতিশীঘ্ৰেই আৰম্ভ হ’ব। কেনিয়ে পূবৰ নাগালেণ্ড জনসাধাৰণৰ বাবে 'নাগা' শব্দটোক নহয়, 'নাগালেণ্ড' শব্দটো বিবেচনা কৰিব লাগে বুলি পৰামৰ্শ আগবঢ়াইছে।
Also Read: পুনৰ মূল্যবৃদ্ধি : ১.২৯ টকা পৰ্যন্ত বাঢ়িল বিদ্যুতৰ মাচুল, বাণিজ্যিক চিলিণ্ডাৰত বাঢ়িল ২০৯ টকা...