পুনৰ মূল্যবৃদ্ধি : ১.২৯ টকা পৰ্যন্ত বাঢ়িল বিদ্যুতৰ মাচুল, বাণিজ্যিক চিলিণ্ডাৰত বাঢ়িল ২০৯ টকা...

প্ৰতি ইউনিটত ১.২৯ টকা পৰ্যন্ত বৃদ্ধি পাইছে বিদ্যুতৰ মাচুল। দেওবাৰৰ পৰাই বলৱৎ হৈছে এই নতুন নিৰিখ।

author-image
Asomiya Pratidin
New Update
পুনৰ মূল্যবৃদ্ধি : ১.২৯ টকা পৰ্যন্ত বাঢ়িল বিদ্যুতৰ মাচুল, বাণিজ্যিক চিলিণ্ডাৰত বাঢ়িল ২০৯ টকা...

ডিজিটেল ডেস্কঃ অক্টোবৰৰ প্ৰথম দিনটোৰ পৰাই ৰাজ্যত পুনৰ বৃদ্ধি পাইছে বিদ্যুতৰ মাচুল। প্ৰতি ইউনিটত ১.২৯ টকা পৰ্যন্ত বৃদ্ধি পাইছে বিদ্যুতৰ মাচুল। দেওবাৰৰ পৰাই বলৱৎ হৈছে এই নতুন নিৰিখ। ঘৰুৱা ব্যৱহাৰত ০-৩০০ ইউনিটলৈ ৩০ পইচাকৈ, ৩০১-৫০০ ইউনিটলৈ ৫০ পইচাকৈ আৰু ৫০০ ইউনিটকৈ অধিক ব্যৱহাৰ কৰিলে প্ৰতি ইউনিতত ১.২৭ টকাকৈ বৃদ্ধি পাব বিদ্যুতৰ মাচুল।

Advertisment

বাণিজ্যিক আৰু উদ্যোগিক ক্ষেত্ৰত প্ৰতি ইউনিটত ১.২৯ টকা পৰ্যন্ত বৃদ্ধি পাব বিদ্যুতৰ মাচুল। বাণিজ্যিক ক্ষেত্ৰতো ১ অক্টোবৰৰ পৰাই বলৱৎ হ'ব এই নতুন নিৰিখ।

সমান্তৰালভাৱে বাণিজ্যিক চিলিণ্ডাৰৰো বৃদ্ধি পাইছে মূল্য। পূৰ্বৰ মূল্যতকৈ ২০৯ টকাকৈ বৃদ্ধি পাইছে প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। দেওবাৰৰ পৰাই কাৰ্যক্ষম হ'ব এই নতুন নিৰিখ।

Also Read: মহানগৰীত গ্ৰেপ্তাৰ শিশু নিৰ্যাতনকাৰী