চাৰি গৰাকীকৈ মহিলা প্ৰাৰ্থীৰে নিৰ্বাচনৰ দিশে নাগালেণ্ড

চাৰি গৰাকীকৈ মহিলা প্ৰাৰ্থীৰে নিৰ্বাচনৰ দিশে নাগালেণ্ড

ডিজিটেল ডেস্ক : ২৭ ফেব্ৰুৱাৰীত নাগালেণ্ডত অনুষ্ঠিত হ'ব নিৰ্বাচন । শ্ৰম আৰু বৰ্ণৰ জৰিয়তে শ্ৰেণী বিভাজন নকৰা নাগালেণ্ডত এইবাৰ মহিলা ভোটাৰৰ সংখ্যা প্ৰায় ৪৯.৮ শতাংশ অথবা ৬ লাখ ৫৬ হেজাৰ ১৪৩ গৰাকী । আনহাতে, সৰ্বমুঠ ১৮৩ গৰাকী মনোনীত প্ৰাৰ্থীৰ ভিতৰত ৪ গৰাকী মহিলা । এই চাৰি গৰাকীকৈ মহিলা প্ৰাৰ্থীৰ কোনো এগৰাকী জয়ী হ'লেই সৃষ্টি হ'ব ইতিহাস । নাগালেণ্ডে প্ৰথমবাৰৰ বাবে লাভ কৰিব কোনো মহিলা বিধায়ক ।

ৰাজ্যখনৰ প্ৰায় সকলো ক্ষেত্ৰতেই মহিলা সকলে নিজৰ কৰ্মযোগ্যতা প্ৰকাশ কৰাৰ সময়তেই কিন্তু এগৰাকী মহিলা বিধায়ক নাই এতিয়ালৈ । উল্লেখ্য যে, এই চাৰিগৰাকী মহিলা প্ৰাৰ্থী হৈছে ক্ৰমে, এন ডি ডি পিৰ হেখানি জাখালু, কংগ্ৰেছৰ ৰ'জী থম্পচন, এন ডি ডি পিৰেই চালহাওটোৱ'নো আৰু বিজেপিৰ কাহুলি চেমা ।

আনহাতে, ৰাজনৈতিক বিশেষজ্ঞ সুশান্ত তালুকদাৰৰ মন্তব্য অনুসৰি, নাগালেণ্ডত সামাজিক আৰু ৰাজনৈতিক সমস্যা বহুত । আফছপা বিৰোধী দল সমূহ, সংগ্ৰামী দলসমূহৰ সৈতে শান্তি আলোচনা, ইত্যাদিত ভাৰাক্ৰান্ত নাগালেণ্ড । কিন্তু এই সমস্যাসমূহ সঠিক ৰূপত কেন্দ্ৰৰ সন্মুখত দাঙি ধৰিবলৈ নেতাৰ অভাৱ ৰাজ্যখনত ।

স্মৰ্তব্য যে, ৰাজ্যখনত প্ৰথমবাৰৰ বাবে ৰাজনীতিত এগৰাকী মহিলা প্ৰত্যক্ষ কৰা হৈছিল ১৯৭৭ চনত । লোকসভাত ইউনাইটেড ডেম'ক্ৰেটিক পাৰ্টীৰ প্ৰাৰ্থীৰূপে লোকসভালৈ নিৰ্বাচিত হৈছিল ৰানো মেচে শ্বাজিয়া । আনহাতে, বিগত বৰ্ষত নাগালেণ্ডত দ্বিতীয় বাৰৰ বাবে ৰাজ্যসভাত পৰিলক্ষিত হৈছিল মহিলা নেত্ৰী । বিজেপিৰ প্ৰাৰ্থী এচ ফাংনন কন্যাক আছিল এইগৰাকী প্ৰাৰ্থী ।

আনহাতে, নাগালেণ্ডৰেই এগৰাকী সমাজ সংস্কাৰক পংলেম কন্যাকৰ ভাষ্য অনুসৰি, ৰাজনীতিত মহিলা নথকাৰ অন্তৰালৰ কাৰণটো পুৰুষতান্ত্ৰিকতা ।

চাৰি গৰাকীকৈ মহিলা প্ৰাৰ্থীৰে নিৰ্বাচনৰ দিশে নাগালেণ্ড
বাৰেচহৰীয়া ভাঁওনাৰ মণ্ডপ নিৰ্মানত শ্ৰমদান বিধায়ক পদ্ম হাজৰিকাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in