/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/cf833bab-eee4-45b7-b5e0-992fe9141363/padma_hazarika.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ তীৰ্থ ভূমিলৈ পৰিনত হৈছে জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাঁওনাৰ থলী পকামুৰা পথাৰ ৷ মাত্ৰ এসপ্তাহৰ পিচতেই অনুষ্ঠিত হ'ব ভাৰতৰ একক বৃহৎ সামাজিক সাংস্কৃতিক অনুষ্ঠান বাৰেচহৰীয়া ভাওনা ৷
“বাৰে” মানে অনেক আৰু “চহৰীয়া” মানে ৰাইজ ৷ ৭ দিনৰ পিছতেই এই পকামুৰা পথাৰত জিলিকি উঠিব গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰাজী ৷ পদ্মপুষ্পসদৃশ মণ্ডপ নিৰ্মাণৰ কাম প্ৰায় ৭০ শতাংশ সম্পূৰ্ণ হৈ উঠিছে ৷ ইতিমধ্যে ভাঁওনাস্থলী পকামুৰা পথাৰত নিতৌ গ্ৰাম্য চহা লোকসকলে পুৱাই উপস্থিত হৈ যুদ্ধকালীন গতিত কাম কৰি নিজ নিজ “খলা” নিৰ্মাণত ব্যস্ত হৈ পৰিছে ৷
ইয়াৰ মাজতে চতিয়া সমষ্টিৰ বিধায়ক তথা বাৰেচহৰীয়া ভাওনা উদযাপন সমিতিৰ সভাপতি ভৰলী কোঁৱৰ পদ্ম হাজৰিকাও দেওবাৰে ৰাইজৰ সৈতে খলা নিৰ্মানত ব্যস্ত হৈ পৰে। বিধায়কগৰাকীৰ সৈতে কেৱল যুৱক সকলেই নহয় একতা-সমন্বয়-সম্প্ৰীতিৰ এনাজৰীৰে বান্ধ খাই ভাঁওনাস্থলীত কাম কৰিবলৈ ওলাই আহিল ৯০ বছৰ উৰ্দ্ধৰ কেবাগৰাকীও ককা ৷
হাতত দা-কটাৰী লৈ কাঠি কামি অথবা টমাল তুলাই হাত উজান দিছে ৰাজহুৱা কামত ৷ পদ্ম হাজৰিকাই ভক্তপ্ৰাণ ৰাইজৰ সৈতে একেলগে মাটিত বহি খাদ্য গ্ৰহন কৰে। উল্লেখ্য যে পকামুৰা পথাৰত নিৰ্মাণৰত এই পদ্মপুষ্পসদৃশ বিশাল মণ্ডপত ব্যৱহাৰ হৈছে ২৫ হাজাৰৰো অধিক বাঁহ,এক লাখ মুঠাৰো অধিক খেৰ,৩ হাজাৰোধিক তামোল গছ আৰু ৪২ জোপাকৈ ছোৱা গছ ৷
Also Read: স্বাস্থ্যখণ্ডত চাবুৱাবাসীৰ বাবে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে বিধায়ক পোনাকণ বৰুৱাই