নাগালেণ্ডত প্ৰাক-নিৰ্বাচনী হিংসা

নাগালেণ্ড বিধানসভা নিৰ্বাচন লৈ আৰু দুটা বাকী থকাৰ অৱস্থাতে মোককচাঙ জিলাত দুই ৰাজনৈতিক দলৰ সমৰ্থক মাজত বুধবাৰে বিয়লি ৬বজাত সংঘটিত হৈছে ভয়ংকৰ গুলীয়া গুলি ঘটনা ।
নাগালেণ্ডত প্ৰাক-নিৰ্বাচনী হিংসা

ডিজিটেল সংবাদ, ৱাখাঃ নাগালেণ্ড বিধানসভা নিৰ্বাচন লৈ আৰু দুটা বাকী থকাৰ অৱস্থাতে মোককচাঙ জিলাত দুই ৰাজনৈতিক দলৰ সমৰ্থক মাজত বুধবাৰে বিয়লি ৬বজাত সংঘটিত হৈছে ভয়ংকৰ গুলীয়া গুলি ঘটনা । জানিব পৰা মতে মোককচাঙৰ জিলাৰ খাৰ গাঁৱত দুটা ৰাজনৈতিক দলৰ ২ জন ভিন্ন প্ৰাৰ্থীৰ সমৰ্থকৰ মাজত হিংসাত্মক সংঘৰ্ষ সৃষ্টি হয়।

প্ৰথমে দুয়োপক্ষই শিলগুটি নিক্ষেপ কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত এই শিলাবৰ্ষণৰ ঘটনাই সংঘৰ্ষৰ ৰূপ লয় আৰু দুয়ো পক্ষৰ মাজত গুলীয়া-গুলি হয় । এই গুলীয়া গুলি ঘটনা সন্ধিয়া প্ৰায় সাত বজালৈ চলি থাকে ।

প্ৰাপ্ত তথ্যমতে এই ঘটনাত অতি কমেও ২৪ জন লোক আহত হৈছে। তেওঁলোকক ইতিমধ্যে মোককচাঙৰ অসামৰিক চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰা হয় । আনহাতে গুৰুতৰভাৱে আহত ২ জনক উন্নত চিকিৎসাৰ বাবে ডিমাপুৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

এই ঘটনাৰ পাছতে খাৰ গাঁৱত তীব্ৰ উত্তেজনা বিয়পি পৰিছে । উত্তেজিত সমৰ্থকে কৰা তীব্ৰ শিলাবৰ্ষণ কৰাৰ ফলত পথৰ কাষৰ বহু বাসগৃহৰ খিৰিকী -দৰ্জা আচবাব পত্ৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে এক ডজন বাহন, ঘৰ আৰু সম্পত্তিৰ ক্ষতিসাধন হয়। ঘটনাৰ পাছতে মোককচাঙৰ আৰক্ষী উপস্থিত হয় ।

আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ স্বাৰ্থত ৪৮ ঘন্টাৰ বাবে অঞ্চলটোত ১৪৪ ধাৰা জাৰি কৰে। মোককচাঙৰ উপ আয়ুক্তগৰাকীয়ে ১৯৫৯ চনৰ অস্ত্ৰ আইনৰ ২১ নং ধাৰাও প্ৰয়োগ কৰি খাৰ গাঁৱৰ সকলো অস্ত্ৰ অনুজ্ঞাপত্ৰধাৰীক তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ ওচৰৰ আৰক্ষী থানাত আগ্নেয়াস্ত্ৰ জমা দিবলৈ নিৰ্দেশ দিয়ে বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণাধী যদিও উত্তেজনা শাম কটা নাই ।

আৰু পঢ়ক: অসম আৰু অসমীয়াক ভাল পোৱা আন এজন মানুহ গ'লগৈ...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in