অসম আৰু অসমীয়াক ভাল পোৱা আন এজন মানুহ গ'লগৈ...

অত্যন্ত দায়ৱদ্ধতাৰে, কোনো দিনেই কাৰো স্তাৱক নোহোৱাকৈয়ে তেওঁ গুচি গ'ল। অসমৰ সংবাদমাধ্যমৰ সৈতে তেওঁৰ ইমান আত্মীয়তা আছিল যে অসমৰ প্ৰায়ভাগ লোকেই তেওঁৰ চিনি পায়।
অসম আৰু অসমীয়াক ভাল পোৱা আন এজন মানুহ গ'লগৈ...

বৰষা শৰ্মা

অত্যন্ত দায়ৱদ্ধতাৰে, কোনো দিনেই কাৰো স্তাৱক নোহোৱাকৈয়ে তেওঁ গুচি গ'ল। অসমৰ সংবাদমাধ্যমৰ সৈতে তেওঁৰ ইমান আত্মীয়তা আছিল যে অসমৰ প্ৰায়ভাগ লোকেই তেওঁক চিনি পায়।

অসম আন্দোলনৰ পৰা আৰম্ভ কৰি, আলফা(স্বা) আদি বিভিন্ন বিষয়ৰ ভিতৰত সোমাই পৰিছিল তেওঁ। অসমৰ লগতে অসমৰ সংবাদ জগতক দি যোৱা তেওঁৰ অৱদান অতুলনীয়।

এই গৰাকী জ্যেষ্ঠ সাংবাদিকৰ কলমত অসমৰ ভালেমান সমস্যাৰ বিশ্লেষণ তথা ৰাষ্ট্ৰীয় বহু বিষয়ৰ আভাস পাইছিল অসমীয়া পাঠকে। সেয়েহে হয়তো আজিও এম এছ প্ৰভাকৰ বুলি ক'লেই এজন চিনাকি তথা আত্মীয় লোক যেন লাগে। যি অসমীয়া আৰু অসমৰ সৈতে একাত্ম হৈ আছিল। বহুতে তেওঁক অসমৰ বুলিয়েই ভাবিছিল।

কলমেই আছিল তেওঁৰ তৰোৱাল! কৰ্ণাটকৰ কেৰালাত (১৯৩৬ চন)জন্ম গ্ৰহণ কৰা সাংবাদিক গৰাকীয়ে ২৯ ডিচেম্বৰ ২০২২ ত শেষ নিশ্বাস ত্যাগ কৰে। স্বাস্থ্যৰ অৱনতিৰ বাবে তেওঁক কিছুদিন পূৰ্বে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও প্ৰায় ৩ দিন পূৰ্বে স্বাস্থ্যৰ অৱস্থা সুস্থিৰ হোৱাত তেওঁক চিকিৎসালয়ৰ পৰা অব্যাহতি দিছিল।

লেখক তথা সাংবাদিক এম এছ প্ৰভাকৰ সাংবাদিকতাৰ ফালে যোৱাৰ পূৰ্বে ইংৰাজীৰ শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। তেওঁ আজিৰ সমসাময়িক ইতিহাসৰ আটাইতকৈ তীক্ষ্ণ পৰ্যবেক্ষক সকলৰ মাজৰ এজন।

অসমৰ সৈতেও আছিল তেওঁৰ এক আত্মিক সম্পৰ্ক। প্ৰথমে গুৱাহাটী বিশ্ববিদ্যালয়ত ইংৰাজী অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰভাকৰে পৰৱৰ্তী সময়ক সাংবাদিক হিচাপে অসমত প্ৰায় ৪ টা দশক কটাইছিল।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যম 'দ্যা হিন্দু' আৰু 'ফ্ৰন্টলাইন'ৰ জৰিয়তে অসম তথা উত্তৰ পূৱৰ সমস্যা সমূহ দাঙি ধৰিছিল। ইয়াৰ পূৰ্বে তেওঁ 'ইকনমিক এণ্ড পলিটিকেল ইউকিলি'ৰ সাধাৰণ সম্পাদক হিচাপে কাম কৰিছিল।

'অণ্ডু তোলা পুনুগু মট্টু ইতাৰা কাথেগালু' নামৰ গ্ৰন্থখনৰ বাবে তেওঁ কানাড়া লেখক হিচাপেও তেওঁ জনপ্ৰিয়তা অৰ্জন কৰিছিল। কানাড়া সাহিত্যত তেওঁক 'কামৰূপী' ছদ্মনামেৰে জনা গৈছিল।

১৯৭১ চনত প্ৰকাশিত 'কুডুৰেমট্টে' নামৰ উপন্যাস খনৰ বাবে কৰ্ণাটক সাহিত্য অকাডেমী বঁটাও লাভ কৰিছিল। পৰৱৰ্তী সময়ত এই উপন্যাস খন চলচিত্ৰৰ ৰূপ দিয়া হৈছিল।এই উপন্যাসখন তেওঁ 'ঘোঁৰাৰ ডিমা' নামেৰে অসমীয়া সংস্কৰণো প্ৰকাশ কৰিছিল। ইয়াৰোপৰি আৰু বহুকেইখন গ্ৰন্থ তেওঁ ৰচনা কৰি থৈ গৈছে।

 এই গৰাকী সাংবাদিকক অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজনৈতিক বিশ্লেষক হিচাপে জনা গৈছিল। বিশেষকৈ তেওঁ বিদ্ৰোহী সংগঠন, জনগোষ্ঠীয় সমস্যাসমূহৰ ওপৰত বিশেষ আলোকপাত কৰিছিল। অসমৰ সমস্যা সমূহৰ মাজত সোমাই পৰি অসমীয়া সমাজ জীৱনৰ সৈতে মিলি গৈছিল তেওঁ।

'লুকিং বেক ইন টু দ্যা ফিউচাৰ' নামৰ গ্ৰন্থ খন তেওঁ উত্তৰ পূৱ ভাৰতক লৈ লিখিছিল। এই গ্ৰন্থখনত তেওঁৰ উত্তৰ প্ৰদেশৰ বিভিন্ন সমস্যা, সাৰ্বভৌমত্ব, জনগোষ্ঠী, সৰ্বভৌমত্ব, বিদ্ৰোহ আদি সমস্যা সমূহক স্থান দিছিল।

২০১৩ চনত তেওঁ অসমৰ পৰা জন্মস্থানলৈ ঘূৰি গৈছিল। এটা সময়ত তেওঁৰ নামেই পৰিচয় হৈ পৰিছিল। কি বিষয়ত লিখিছেতকৈ এম এছ প্ৰভাকৰে কি লিখিছে, সেয়াহে পাঠকৰ বাবে অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছিল।

প্ৰচুৰ জ্ঞান আৰু অভিজ্ঞতাৰে সমৃদ্ধ আছিল তেওঁ। কোনো এটা বিষয়েই তেওঁৰ দৃষ্টিৰ পৰা বাদ পৰি যোৱা নাছিল। দেশৰ ৰাজনীতিৰ অন্যতম ধাৰাভাষ্যকাৰৰূপে তেওঁ লেখাবোৰে সাধাৰণ মানুহৰ পৰা ৰাজনীতিবিদলৈকে বিশেষ সমীহ আদায় কৰিছিল।

 অসমৰ সমস্যাবোৰে তেওঁক বিশেষভাৱে আকৰ্ষণ কৰিছিল। এই প্ৰবীণ লেখক, সাংবাদিক তথা সক্ৰিয় সমাজকৰ্মীগৰাকীৰ বিয়োগে এতিয়া অসমতো এক বৌদ্ধিক শূন্যতাৰ সৃষ্টি কৰিলে। এতিয়াৰ পৰা তেওঁৰ লেখা পাঠকে পঢ়িবলৈ নাপাব। সদায় তেওঁৰ উপস্থিতিৰ অভাৱ অসমবাসীয়ে অনুভৱ কৰিব। সীমা অতিক্ৰম কৰি তেওঁ গুচি গ'ল বহু দূৰলৈ। চিৰদিনৰ বাবে গুচি গ'ল অসম আৰু অসমীয়াক ভাল পোৱা আন এজন মানুহ…।

তেওঁৰ মৃত্যুত বিভিন্নজনে শোক ব্যক্ত কৰিছে। অসমৰ সংবাদ মাধ্যমৰ লগতে ছচিয়েল মিডিয়াতো বিভিন্নজনে তেওঁৰ মৃত্য়ুক শোক প্ৰকাশ কৰিছে।

আৰু পঢ়ক: নিজ টকাৰে কিনি দিছে খেলৰ সামগ্ৰী, কন কন ল'ৰা-ছোৱালীক দিছে ফুটবলৰ প্ৰশিক্ষণ...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in