২০২৩ চনৰ নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে ৰাজ্যৰ আৰক্ষী প্ৰশাসন

২০২৩ চনৰ আৰম্ভণিতে অনুষ্ঠিত হ'ব নাগালেণ্ডৰ বিধানসভাৰ নিৰ্বাচনৰ সাজু হৈ উঠিছে ৰাজ্যৰ আৰক্ষী প্ৰশাসন ।

author-image
Asomiya Pratidin
New Update
২০২৩ চনৰ  নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে ৰাজ্যৰ আৰক্ষী প্ৰশাসন

ডিজিটেল সংবাদ, ৱাখা : ২০২৩ চনৰ আৰম্ভণিতে অনুষ্ঠিত হ'ব নাগালেণ্ডৰ বিধানসভাৰ নিৰ্বাচনৰ সাজু হৈ উঠিছে ৰাজ্যৰ আৰক্ষী প্ৰশাসন । কালি চুমৌকেডিমাৰ আৰক্ষী কমপ্লেক্সৰ ৰোড’ডেণ্ড্ৰন হলত অনুষ্ঠিত বৈঠক নাগালেণ্ডৰ ডিজিপি টি জে লংকুমাৰে কয় যে বিধানসভা নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যিক আৰক্ষী বাহিনী সাজু হৈ উঠিছে ।

Advertisment

বৈঠক ডিজিপি লংকুমাৰে প্ৰতিখন জিলাৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ বুজ লয় আৰু লগতে আৰক্ষী ইউনিটসমূহৰ নিৰ্বাচনী প্ৰস্তুতিৰ মূল্যায়ন কৰে । বৈঠকত অপৰাধ শাখাৰ আৰক্ষী অধীক্ষক, জ্যেষ্ঠ আৰক্ষী বিষয়া, আৰক্ষী আয়ুক্ত ডিমাপুৰৰ লগতে সকলো এছ পি আৰু কমাণ্ডেণ্টে অংশগ্ৰহণ কৰে। বৈঠকত আই জিপি তথা ৰাজ্যিক আৰক্ষীৰ নিৰ্বাচনী ন’ডেল বিষয়া লিমাছুনেপ জমিৰে নিৰ্বাচনৰ প্ৰস্তুতিৰ ওপৰত আলোকপাত কৰাৰ বিপৰীতে আইন আৰু শৃংখলা এডিজিপি সন্দীপ এম টামগাডজে আৰু আইজিপি কে মাৰ্টিন পিয়েনিউৱে আইন আৰু শৃংখলাৰ বিষয়টোৰ ওপৰত আলোকপাত কৰে।

উল্লেখযোগ্য যে অহা ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগে ৰাজ্যসমূহৰ শেহতীয়া আইন শৃংখলা পৰ্যালোচনা কৰা পৰিপ্ৰেক্ষিতত নাগালেণ্ডৰ আৰক্ষী প্ৰশাসনে আইন শৃংখলা আৰু নিৰাপত্তা ব্যৱস্থা সম্পূৰ্ণ কৰি তোলা বুলি ঘোষণা কৰে ।

আৰু পঢ়ক : সৈনিকৰ মনোবল বৃদ্ধি কৰিবলৈ সীমান্তলৈ শিল্পী প্ৰেৰণ ৰাছিয়াৰ...

nagaland