সৈনিকৰ মনোবল বৃদ্ধি কৰিবলৈ সীমান্তলৈ শিল্পী প্ৰেৰণ ৰাছিয়াৰ...

সৈনিকৰ মনোবল বৃদ্ধি কৰিবলৈ সীমান্তলৈ শিল্পী প্ৰেৰণ ৰাছিয়াৰ...

ডিজিটেল ডেস্ক : বিগত ৯ মাহ ধৰি চলা ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধই দিনৌ লৈছে নতুন ৰূপ । পুটিনৰ আগ্ৰাসী আৰু আকোৰগোঁজ মনোভাৱ ক্ৰমান্বয়ে ইউক্ৰেইনে দমন কৰি অহাৰ পাছতেই যুদ্ধ জিনিবলৈ নতুন পন্থা ল'বলৈ বাধ্য হৈছে পুটিন । ইতিমধ্যে যুদ্ধৰ নামত ইউক্ৰেইনৰ হাজাৰ হাজাৰ নিৰীহ ৰাইজক হাৰাশাস্তি কৰা আৰু বিদ্যালয়-মহাবিদ্যালয়ত বোমা নিক্ষেপ কৰি সম্পূৰ্ণ এটা প্ৰজন্মৰ ভৱিষ্যত ধ্বংস কৰি পেলোৱা পুটিনে এইবাৰ সীমান্তলৈ প্ৰেৰণ কৰিছে সংগীত শিল্পী ।

নিস্তেজ হৈ পৰা সেনা বাহিনীৰ মনোবল বৃদ্ধি কৰিবলৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি গৰাকীয়ে লোৱা এই সিদ্ধান্তই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে বিশ্বব্যাপী । এই দলটিক কোৱা হ'ব "ফ্ৰ'ন্ট লাইন ক্ৰিয়েটিভ ব্ৰিগেড" ।

এই সিদ্ধান্তই প্ৰমাণ কৰে যে বিগত ৯ মাহ ধৰি চলা যুদ্ধৰ পাছতো ধ্বংসৰ লিপ্সা শেষ হোৱা নাই পুটিনৰ । এই সৰ্বগ্ৰাসী লিপ্সাৰ জুয়ে এফালৰ পৰা দহি গৈছে এখন দেশৰ জনতাক । তাৰ পাছতো বুকু কপি উঠা নাই বিশ্বৰ অন্যতম শক্তিশালী ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপতিৰ । কিন্তু এই লিপ্সা কেতিয়ালৈ ? যুদ্ধৰ ভাষা বুজি নোপোৱা সংগীত শিল্পীক সীমান্তলৈ মোতায়েন কৰি বিপদলৈ ঠেলি দিছে এই সকল শিল্পীকো ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in