নগা বিদ্ৰোহী সংগঠনৰ স্পষ্টীকৰণ...

ৱাশ্বিংটন ডি চি ভিত্তিক সংস্থা নাগা-আমেৰিকান কাউন্সিলৰ সৈতে কোনো সম্পৰ্ক নাই এন এছ চি এন আই এমৰ...
নগা বিদ্ৰোহী সংগঠনৰ স্পষ্টীকৰণ...

ডিজিটেল সংবাদ, বেকাজানঃ ভাৰত চৰকাৰৰ সৈতে চলি থকা নগা শান্তি আলোচনা আৰু ৰাজনৈতিক বিষয়ৰ ওপৰত ৱাশ্বিংটন ডি চি ভিত্তিক সংস্থাটো নাগা আমেৰিকান কাউন্সিলে কৰা মন্তব্য ওপৰত স্পষ্টীকৰণ প্ৰকাশ কৰিছে এন এছ চি এন আই এমে । নগা বিদ্ৰোহী সংগঠন এন এছ চি এনে (আই-এম)- আমেৰিকাৰ ৱাশ্বিংটন ডি চি ভিত্তিক সংস্থাটোৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক থকাৰ কথা অস্বীকাৰ কৰিছে।

ৱাশ্বিংটন ডি চি ভিত্তিক সংস্থাটোৰ নাম আৰু শৈলী–নাগা-আমেৰিকান কাউন্সিল (এন এ চি) একে যদিও এন এ চিৰ উদ্দেশ্য আছিল নাগালেণ্ডত শান্তি আৰু উন্নয়নৰ প্ৰসাৰৰ বাবে আৰ্থ-ৰাজনৈতিক বিষয়সমূহত সহযোগিতা স্থাপন কৰা । নগা বিদ্ৰোহী সংগঠন এন এছ চি এন (আই-এম)-এ স্পষ্ট কৰি দিয়ে যে এন এ চি অৰ্থাৎ নাগা আমেৰিকান কাউন্সিদ কোনো কাৰণতে এন এছ চি এনৰ সৈতে কোনো ধৰণে জড়িত নহয়।

বৰ্তমান চলি থকা ভাৰত-নগা ৰাজনৈতিক শান্তি আলোচনাৰ শেহতীয়া প্ৰগতিৰ প্ৰতি এন এ চিৰ উদ্বেগক শলাগ লৈ এন এছ চি এন (আই-এম)য়ে। এন এছ চি এনৰ গৃহমন্ত্ৰালয়ৰ জাৰি কৰা এক বিবৃতিৰ জৰিয়তে কয় যে, নগা ৰাজনৈতিক বিষয়ত এন এ চিৰ ১৪ এপ্ৰিল কৰা মন্তব্য আৰু বক্তব্যই এন এছ চি এন/জি পি আৰ এনৰ আনুষ্ঠানিক নীতি আৰু স্থিতি প্ৰতিফলিত কৰা নাই। এন এছ চি এন (আই-এম)এ কয় যে ভাৰত-নগা বিষয়টোক এটা অন্যতম পুৰণি ৰাজনৈতিক বিষয় হিচাপে গণ্য কৰা হৈছে আৰু ই স্বাভাৱিকতে ভাৰত- নগা বিষয়।

এন এছ চি এনে দৃঢ়তাৰে কয় যে, নগা পতাকা নগা জাতিৰ পৰিচয় আৰু ইয়াৰ অৰ্থ নাগা-আমেৰিকান কাউন্সিলে উল্লেখ কৰা ধৰণে বেলেগ নহয় আৰু পতাকাখনৰ বিষয়ে পৰিষদে বিভ্ৰান্তিকৰ বুজাবুজিৰ বাবে দুখ প্ৰকাশ কৰে। বিদ্ৰোহী সংগঠনটোৱে লগতে কয় যে, আমি বুজি পাওঁ নাগা-আমেৰিকান কাউন্সিলে নিশ্চয় নগা প্ৰেক্ষাপটৰ পৰা নহয়, আমেৰিকাৰ প্ৰেক্ষাপটৰ পৰা পতাকাৰ বিষয়ে তেওঁলোকৰ ব্যাখ্যা দিছিল।

তদুপৰি এন এছ চি এন (আই-এম)য়ে কয় যে কেন্দ্ৰ আৰু এন এছ চি এন/জি পি আৰ এনৰ মাজত হোৱা কাঠামো চুক্তি অৰ্থাৎ ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টে ভাৰত-নগা সংঘাতক ৰাজনৈতিক বুলি স্বীকৃতি দিয়াৰ উপৰিও নগাৰ অনন্য ইতিহাস আৰু স্থিতি স্বীকাৰ কৰা হৈছে আৰু ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টখন সাৰ্বভৌমত্বৰ মূল শিলাস্তম্ভত স্বাক্ষৰিত হৈছে। এন এছ চি এনে কয় ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টত কোনো অস্পষ্টতা নাই বুলি দৃঢ়তাৰে কয় আৰু সেয়েহে তেওঁলোকে দাবী কৰে যে কেন্দ্ৰই চুক্তিখন সন্মান মনোভাৱেৰে আৰু কাৰ্যকৰী কৰিব লাগিব আৰু ভাৰত-নগা ৰাজনৈতিক চুক্তিত নগা জাতীয় পতাকা আৰু সংবিধানক স্বীকৃতি দিব লাগিব।

ইফালে কালি ছুমুকেডিমাৰ আৰক্ষীৰ নিবেশৰ অতিথিশালত এক বিশেষ বৈঠক মিলিত হয় নগা শান্তি আলোচনাৰ ভাৰত চৰকাৰৰ মধ্যস্ততাকাৰী অক্ষয় কুমাৰ মিশ্ৰ আৰু এন এছ চি এন আই এমৰ সামূহিক নেতৃত্বত । দুয়োটা পক্ষই স্থবিৰ হৈ থকা আলোচনা ওপৰত সন্দৰ্ভত আলোচনা কৰে ।

নগা বিদ্ৰোহী সংগঠনৰ স্পষ্টীকৰণ...
১৯ বছৰীয়া নন্দিনীৰ শিৰত "ফেমিনা মিছ ইণ্ডিয়াৰ ২০২৩"ৰ মুকুত...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in