/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/5fd76bcf-d824-473f-8a33-587feb6010e7/Miss_India.jpg)
ডিজিটেল ডেস্ক : ঘোষণা হ'ল ফেমিনা মিছ ইণ্ডিয়া ২০২৩ৰ ফলাফল। মণিপুৰৰ ইম্ফলত অনুষ্ঠিত এক অনুষ্ঠানত ১৯ বছৰীয়া নন্দিনী গুপ্তাৰ শিৰত জিলিকিল এই খিতাপ। প্ৰতিযোগিতাৰ প্ৰথম ৰানাৰ-আপ অৰ্থাৎ দ্বিতীয় শ্ৰেষ্ঠৰ খিতাপ দখল কৰে দিল্লীৰ শ্ৰেয়া পুঞ্জাই, আনহাতে মণিপুৰৰ থৌনাওজাম ষ্ট্ৰেলা লুৱাঙে দ্বিতীয় ৰানাৰ-আপ অৰ্থাৎ তৃতীয় শ্ৰেষ্ঠৰ খিতাপ দখল কৰে।
উল্লেখ্য যে, শ্ৰেষ্ঠ প্ৰতিপন্ন হোৱা নন্দিনী গুপ্তা ৰাজস্থানৰ কোটাৰৰ বাসিন্দা। সৰুৰে পৰা বিভিন্ন অনুষ্ঠানত ঘোষক হিচাপে তথা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত থাকি ভাল পোৱা নন্দিনীয়ে ব্যৱসায় ব্যৱস্থাপনাত ডিগ্ৰী লাভ কৰে। এই ক্ষেত্ৰত নন্দিনীৰ অনুপ্ৰেৰণা আছিল ব্যৱসায়ী তথা সমাজসেৱক ৰতন টাটা ।
আনহাতে নন্দিনীৰ বাবে মনোৰঞ্জন জগতৰ অনুপ্ৰেৰণা আছিল অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা । এইগৰাকী ১৯ বছৰীয়া নন্দিনী গুপ্তাৰ আছে এটি বিশেষ সপোন। কোটা ডোৰিয়াৰ গুণগত মানদণ্ডৰ বাবে বিখ্যাত কাপোৰ প্ৰচাৰৰ বাবে উৎসাহী নন্দিনী। তদুপৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতীয় হস্ততাঁতৰ প্ৰচাৰ কৰি শিল্পীসকলক সহায় কৰিব বিচাৰে নন্দিনীয়ে।
Also Read: ব'হাগ আহিল বৰদৈচিলা নাহিল, এইবাৰ যেন বিহুত বিঘিনি নজন্মাবলৈয়ে নাহিল বৰদৈচিলা