/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/86556834-25e1-4496-81a0-e9b639f5bf2e/Naga_new.jpg)
ডিজিটেল সংবাদ, বেকাজান : নগা আৰু ভাৰত চৰকাৰৰ মাজত সন্মানজনক ৰাজনৈতিক সমাধান নোহোৱালৈকে নগা ভূখণ্ডত কোনো ধৰণৰ তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণৰ অনুমতি নিদিয়াৰ স্থিতি স্পষ্ট কৰিছে নাগা বিদ্ৰোহী সংগঠন এন এছ চি এনে (আই এম) । অলপতে নাগালেণ্ড আৰু অসম চৰকাৰে দুয়োখন ৰাজ্যৰ বিবদমান সীমান্তৱৰ্তী অঞ্চলত যৌথভাৱে তেল অন্বেষণৰ বিষয়টো লৈ বিভিন্ন পক্ষৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ পোৱাৰ সময়তে এন এছ চি এন মুইভা গোটে বৃহস্পতিবাৰে নিজৰ স্থিতি স্পষ্ট কৰিছে ।
নগা ৰাষ্ট্ৰীয় ৰাজনৈতিক গোট (WC-NNPG) ৱৰ্কিং কমিটিয়ে ইতিমধ্যে চৰকাৰৰ এই প্ৰস্তাৱত আপত্তি প্ৰকাশ কৰিছিল। এক বিবৃতিৰ জৰিয়তে এন এছ চি এনে অভিযোগ কৰে যে ১৯৬৩ চনত নাগালেণ্ড ৰাজ্যখন গঠন হোৱাৰ পিছৰে পৰা ভাৰত চৰকাৰে নগাসকলৰ খনিজ সম্পদ বিশেষকৈ পেট্ৰলিয়ামৰ ওপৰত লোলুপ দৃষ্টি ৰাখিছে। এন এছ চি এন (আই এম)-এ কয় যে নাগা ৰাজনৈতিক সমস্যা সমাধানৰ নোহোৱা পৰ্যন্ত নগাভূমি অঞ্চলত খনিজ পদাৰ্থৰ অন্বেষণ আৰু নিষ্কাশনৰ অনুমতি দিয়া নহ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/6f1a7f1e-7009-4a1d-aaf6-0e96e56992b4/WhatsApp_Image_2023_05_04_at_7_06_25_AM.jpeg)
বিড়ম্বনাৰ কথাটো হ'ল এই তেলৰ বিষয়টো সেই সময়ত আহিছে যেতিয়া ভাৰত চৰকাৰে ২০১৫ চনৰ ৩ আগষ্টৰ ঐতিহাসিক কাঠামো চুক্তিত সন্নিৱিষ্ট নগা জনগোষ্ঠীৰ ঐতিহাসিক আৰু ৰাজনৈতিক অধিকাৰক সন্মান জনোৱাৰ কোনো আন্তৰিকতা আৰু দায়বদ্ধতা প্ৰদৰ্শন কৰা নাই। নগা ৰাষ্ট্ৰীয় পতাকা আৰু সংবিধানৰ আলোচনাৰ অবিহনে বিষয়টোৰ ওপৰত আলোচনাৰ বিগত ২৫ বছৰতকৈ অধিক সময় ধৰি দীঘলীয়া কৰি আহিছে। এন এছ চি এনে কয় যে যেতিয়ালৈকে “ভাৰত চৰকাৰে নগা ৰাজনৈতিক বিষয়টোত চাতুৰী আৰু বিশ্বাসঘাতকতাৰ চলি থাকিব তেতিয়ালৈকে কোনো কৰ্তৃপক্ষক নগালেণ্ডত মজুত থকা ৬০ কোটি টন তেল আৰু প্ৰাকৃতিক গেছৰ শোষণ কৰিবলৈ দিয়া নহ’ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/967532f9-5bff-4197-a6a8-b5341c564936/WhatsApp_Image_2023_05_04_at_7_06_24_AM.jpeg)
এন এছ চি এন (আই এম)ৰ মতে, বৰ্তমান চলি থকা ভাৰত-নগা ৰাজনৈতিক আলোচনাত ভাৰত চৰকাৰে ৰাজনৈতিক দায়বদ্ধতা প্ৰদৰ্শন কৰিব লাগে। পৰিতাপৰ কথা যে ২০১৫ চনত কাঠামো চুক্তি অৰ্থাৎ ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট স্বাক্ষৰ কৰাৰ পিছত নগা ৰাজনৈতিক বিষয়টোকলৈ নগাসকলে বিশ্বৰ আগত হাঁহিৰ পাত্ৰ হিচাপে থিয় দিব নিবিচাৰে । উল্লেখযোগ্য যে এন এছ চি এনৰ আই এমৰ এই কঠোৰ স্থিতিৰ পিছত স্বাভাৱিকতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅৰ মাজত সীমান্তৰ বিবদমান এলেকাৰ খাৰুৱা তেল অন্বেষণৰ বুজাবুজি চুক্তি এক প্ৰকাৰৰ অসাৰ হোৱা দিশে আগবাঢ়িছে ।
Also Read: অসমীয়া চলচ্চিত্ৰ জগতলৈ সুনাম কঢ়িয়াই "মেড ইন নলবাৰী"য়ে জিনিলে বিশেষ সন্মান...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us