
ডিজিটেল ডেস্ক : অসমীয়া ছবি "মেড ইন নলবাৰী"ৰ সফলতা। ১৩ তম দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱত "মেড ইন নলবাৰী"য়ে লাভ কৰিলে 'সন্মানীয় জুৰী উল্লেখ বঁটা'। ৩০ এপ্ৰিল, ২০২৩, দেওবাৰে দিল্লীৰ নয়ডাত অনুষ্ঠিত হোৱা ত্ৰয়োদশ দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱত এই সন্মান প্ৰদান কৰা হয়।
তিনিজন ব্যক্তিৰ পৃথক কাহিনী এটা যাত্ৰাৰ জৰিয়তে উপস্থাপন কৰা "মেড ইন নালবাৰী" নামৰ ছবিখনে ইতিমধ্যেই লাভ কৰিছে কেইবাটাও বিশেষ সন্মান। যুৱ পৰিচালক তনুজ নাথৰ প্ৰথমখন ছবি হ'ল এই "মেড ইন নালবাৰী"। যি ছবিয়ে বিগত বৰ্ষৰ ২ ডিচেম্বৰ তাৰিখে অসমৰ কেইবাটাও হলত মুক্তি লাভ কৰিছিল। ফ্লেছবেক ফ্লিমছ প্ৰডাকচনৰ বেনাৰত নিৰ্মিত এই ছবিখনে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল।
উল্লেখ্য যে, "মেড ইন নলবাৰী"য়ে ইয়াৰ পূৰ্বে সপ্তম ভাৰতীয় বিশ্ব চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চলচ্চিত্ৰ (জুৰী) বঁটা, গেংটক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ফিচাৰ ফিল্ম আৰু গোল্ডেন ফাৰ্ণ চলচ্চিত্ৰ বঁটা লাভ কৰে। তদুপৰি প্ৰাগ চিনে এৱাৰ্ড নৰ্থ ইষ্ট ২০২৩ বাবে ১৪ টাকৈ মনোনয়ন লাভ কৰিছে ছবিখনে।
য'ত শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক (তনুজ নাথ), শ্ৰেষ্ঠ অভিনেতা (অৰুণ নাথ), শ্ৰেষ্ঠ গায়ক (পাৰ্থ শইকীয়া), শ্ৰেষ্ঠ সংগীত পৰিচালক (তনুজ নাথ,পাৰ্থ শইকীয়া), আবাহ সংগীত (তৰালী শৰ্মা), শ্ৰেষ্ঠ সম্পাদনা (ঝুলন কৃষ্ণ মহন্ত) আদি কৰি কেইবাটাও বিভাগত মনোনয়ন লাভ কৰে।