শাসকীয় এন ডি পি পি দল ত্যাগ বিধায়ক ইমকং এল ইমচেনৰ: বিজেপিত যোগদান

author-image
Asomiya Pratidin
New Update
শাসকীয় এন ডি পি পি দল ত্যাগ বিধায়ক ইমকং এল ইমচেনৰ:  বিজেপিত যোগদান

ডিজিটেল সংবাদ, ৱাখা : বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা লগে লগে নাগালেণ্ডৰ ৰাজনীতিত দল ত্যাগৰ জোৱাৰ উঠিছে । দলীয় টিকটৰ আশাত এইবাৰ শাসনাধিস্থ এন ডি পি পি দলৰ প্ৰবীণ ৰাজনীতিবিদ তথা ২৮ নং কোৰিডাং বিধানসভা সমষ্টিৰ চাৰিবাৰৰ বিধায়ক ইমকং এল ইমচেনে ত্ৰয়োদশ নাগালেণ্ড বিধানসভাৰ বিধায়ক পদৰ পদত্যাগ দাখিল কৰিছে ।

Advertisment

২০০৩ চনৰ পৰা বিধায়ক হিচাপে থকা ইমচেনে নাগালেণ্ড বিধানসভা সচিবলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত কয় যে ২০২৩ চনৰ ২০ জানুৱাৰীৰ বিয়লিৰ পৰা কাৰ্যকৰী হোৱাকৈ ব্যক্তিগত কাৰণত পদত্যাগ কৰিছে ।

উল্লেখ্য যে ২০২২ চনৰ এপ্ৰিল মাহত এন ডি পি পিৰ সৈতে একত্ৰিত হোৱা ২১ গৰাকী এন পি এফৰ বিধায়কৰ ভিতৰত ইমকং এল ইমচেনও আছিল। ইমকঙে নিজৰ সিদ্ধান্ত সন্দৰ্ভত নিশ্চিত কৰাৰ লগতে বিজেপিত যোগদান কৰাৰ কথাও স্পষ্ট কৰে। জানিব পৰামতে দলৰ টিকট পোৱাৰ আশাৰে বিজেপিত ইমচেনে যোগদান কৰাৰ বুলি চৰ্চা চলিছে ।

আৰু পঢ়ক : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰহোলা আঞ্চলিক শাখাৰ ৪৩ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন

nagaland