ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থাৰ ইউ এন ডব্লিউ টি অ কাৰ্যসূচীত অন্তৰ্ভুক্ত নাগালেণ্ডৰ খনমা গ্ৰীন ভিলেজ

প্ৰকৃতিৰ আৰু ঐতিহ্য সংৰক্ষণেৰে নাগালেণ্ড এতিয়া বিশ্বৰ পৰ্যটকৰ বাবে এক আকৰ্ষণীয় 'টুৰিজিম হট স্পট 'হৈ পৰিছে । গ্লবেল টুৰিজিমৰ বাবে এক ডেষ্টিনেচন হ'ল নগাসকলৰ ঐতিহ্য গাঁও ক'হিমাৰ খনমা গ্ৰীণ ভিলেজ ।
ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থাৰ ইউ এন ডব্লিউ টি অ  কাৰ্যসূচীত অন্তৰ্ভুক্ত  নাগালেণ্ডৰ খনমা গ্ৰীন ভিলেজ

ডিজিটেল সংবাদ, ৱাখাঃ প্ৰকৃতিৰ আৰু ঐতিহ্য সংৰক্ষণেৰে নাগালেণ্ড এতিয়া বিশ্বৰ পৰ্যটকৰ বাবে এক আকৰ্ষণীয় 'টুৰিজিম হট স্পট 'হৈ পৰিছে । গ্লবেল টুৰিজিমৰ বাবে এক ডেষ্টিনেচন হ'ল নগাসকলৰ ঐতিহ্য গাঁও ক'হিমাৰ খনমা গ্ৰীণ ভিলেজ ।

খনমা কেৱল দৃষ্টিনন্দন সেউজভূমিয়ে নহয় এই গাঁৱৰ আছে সাতশ বছৰীয়া নগা গাঁৱৰ বৰ্ণিল যুদ্ধ বিজয়ী ইতিহাস। নাগালেণ্ডৰ ৰাজধানী ক'হিমাৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগত অৱস্থিত এচিয়াৰ সৰ্ববৃহৎ সেউজী গাঁও খনমা বিশ্বৰ পৰ্যটন মানচিত্ৰ উজলি উঠিছে ।

nagaland green village
nagaland green village

দ্বিতীয় বিশ্বযুদ্ধৰ ইতিহাসে গৰকা নগা ঐতিহ্য গাঁৱ খনমা , এইবাৰ ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থাৰ (UNWTO) উন্নীতকৰণ কাৰ্যসূচীৰ বাবে নিৰ্বাচিত হৈছে । উল্লেখযোগ্য যে ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন কাৰ্যসূচীৰ বাবে সমগ্ৰ বিশ্বৰ মাত্ৰ ২০খন গাঁৱ নিৰ্বাচিত কৰা হৈছে । ইয়াৰ ভিতৰত নাগালেণ্ডৰ গ্ৰীণ ভিলেজ খনমাও অন্যতম তথা ভাৰতৰ এক মাত্ৰ পৰ্যটন গাঁও ।

ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থাৰ (UNWTO) প্ৰত্যেক বছৰেই বিশ্ব পৰ্যটনৰ বিকাশৰ বাবে ‘উন্নীতকৰণ কাৰ্যসূচী’ গ্ৰহণ কৰি আহিছে । ২০২৩ চনৰ এই উন্নীতকৰণৰ কাৰ্যসূচীৰ বাবে এই তালিকাত স্থান লাভ কৰা ভাৰতৰ একমাত্ৰ গাঁও ।

nagaland green village
nagaland green village
nagaland green village
nagaland green village

ৰাষ্ট্ৰসংঘৰ ডব্লিউ টি অ’ৰ মতে, উন্নীতকৰণ কাৰ্যসূচীৰ জৰিয়তে এচিয়াৰ সৰ্ববৃহৎ সেউজ গাঁও খনমাক ‘শ্ৰেষ্ঠ পৰ্যটন গাঁও’ গঢ়ি তোলাৰ পদক্ষেপ গ্ৰহণ কৰা ওপৰিও টুৰিষ্ট ডেষ্টিনেচন হিচাপে স্বীকৃতি প্ৰদান কৰা হ'ব। যিয়ে গ্ৰীণ ভিলেজৰ পৰ্যটন শিল্পীৰ উন্নয়ন , নিয়োগ সৃষ্টি আৰু উপাৰ্জনৰ নতুন বাট মুকলি কৰিব । তদুপৰি ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটনৰ কাৰ্যসূচীত সম্প্ৰদায়ভিত্তিক মূল্যবোধ আৰু পৰম্পৰাগত সম্পদ সংৰক্ষণ আৰু প্ৰচাৰ কৰা হ'ব ।

লগতে উন্নীতকৰণ কাৰ্যসূচীৰ বাবে নিৰ্বাচিত গাঁওসমূহে শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে স্বীকৃতি লাভ কৰিব। ইয়াৰ লগে লগে খনমাক ‘ ৰাষ্ট্ৰসংঘৰ ডব্লিউটিঅ’ৰ দ্বাৰা শ্ৰেষ্ঠ পৰ্যটন গাঁও’ গ্ল’বেল নেটৱৰ্কৰ বিশ্ব অন্য ৫১খন গাঁওৰ সৈতে অন্তৰ্ভুক্ত কৰা হ’ব। ইউএনডব্লিউটিঅ’ৰ মতে, গ্ৰাম্য উন্নয়নৰ বাবে পৰ্যটনৰ প্ৰসাৰৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। উল্লেখযোগ্য যে নৱবৰ্ষৰ প্ৰাকমূৰ্হতত ৰাষ্ট্ৰসংঘৰ এই স্বীকৃতিয়ে নাগালেণ্ডবাসীলৈ আনন্দ বন্যা কঢ়িয়াই আনিছে ।

আৰু পঢ়ক: মাতৃহাৰা প্ৰধানমন্ত্ৰী মোডী! ১০০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ হীৰাবেনৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in