/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/9e8d0015-023d-4728-841b-b6b6cdafc8e8/modi.jpg)
ডিজিটেল ডেস্ক: মাতৃহাৰা হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। হীৰাবেন মোডীৰ ৩০ ডিচেম্বৰ পুৱা ৩.৩০ বজাত শেষ মৃত্যু হয়। প্ৰধানমন্ত্ৰী গৰাকীয়ে এই খবৰ টুইটাৰৰ জৰিয়তে জনাইছে।
ইতিমধ্য প্ৰধানমন্ত্ৰী মোডী আহমেদাবাদলৈ ৰাওনা হৈছে। ১০০ বছৰীয়া হীৰাবেন মোডীৰ আহমেদাবাদৰ এখন চিকিৎসালয়ত চিকিৎসা চলি আছিল। গুজৰাট চৰকাৰৰ তৰফৰ পৰা কিছুদিন পূৰ্বে কৈছিল যে তেওঁৰ অৱস্থা উন্নত হৈ আছে আৰু এদিন বা দুদিনৰ ভিতৰত অব্যাহতি দিয়া হ'ব পাৰে।
সূত্ৰ অনুসৰি, উশাহ-নিশাহৰ সমস্যা আৰু ৰক্তচাপৰ সমস্যাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। মোডীৰ মাতৃ হীৰাবেন গান্ধীনগৰ চহৰৰ ওচৰৰ ৰাইচান গাঁৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৰু ভায়েক পংকজ মোডীৰ সৈতে বাস কৰিছিল।
প্ৰধানমন্ত্ৰী গৰাকীৰ মাতৃৰ বিয়োগত শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিঙকে ধৰি বহুতে।
আৰু পঢ়ক: ফুটবলৰ মহানায়ক পেলে আৰু নাই, ৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ