উত্তপ্ত নাগালেণ্ড: নিৰ্বাচনী প্ৰাৰ্থীলৈ বুলি দুৰ্বৃত্তৰ গুলীচালনা

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই নাগালেণ্ডৰ নিৰ্বাচনী পৰিবেশ ক্ৰমাৎ হিংসাত্মক ঘটনাৰে উত্তপ্ত হৈ পৰিছে ।
উত্তপ্ত  নাগালেণ্ড: নিৰ্বাচনী প্ৰাৰ্থীলৈ বুলি দুৰ্বৃত্তৰ গুলীচালনা

ডিজিটেল সংবাদ,বেকাজানঃ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই নাগালেণ্ডৰ নিৰ্বাচনী পৰিবেশ ক্ৰমাৎ হিংসাত্মক ঘটনাৰে উত্তপ্ত হৈ পৰিছে । বৃহস্পতিবাৰে মোককচাঙৰ চুৰাংমেন আৰু য়িচেময়ঙৰ গাঁৱৰ মাজৰ অঞ্চলত অচিনাক্ত দুষ্কৃতিকাৰীয়ে এজন প্ৰাৰ্থীৰ বাহনৰ ওপৰত ধাৰসাৰ গুলীচালনা কৰে ।

বৃহস্পতিবাৰে মোককচাঙৰ ২৪ নং এংগেটয়ংপাং বিধানসভা সমষ্টিৰ এনডিপিপিৰ প্ৰাৰ্থী টংপাং অজুকুমৰ সমৰ্থকসকলৰ ওপৰত অজ্ঞাত দুষ্কৃতিকাৰীয়ে এম্বুছ কৰি গুলীচালনা কৰাৰ অভিযোগ উত্থাপন হৈছে। মকোকচুং জিলাৰ অন্তৰ্গত চুৰাংমেন আৰু য়িচেময়ং অঞ্চলৰ মাজত নিশা প্ৰায় ১ বজাত সংঘটিত হোৱা এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

তথ্য অনুসৰি, মংচেনিমটি গাঁৱৰ পৰা মোককচাঙৰ পথেৰে আহি থকা অৱস্থাত অজুকুমৰ সমৰ্থকসকলক লক্ষ্য কৰি প্ৰায় ৪ ৰাউণ্ডৰ গুলী চালনা কৰে । এই গুলী চালনাত দুখন বাহনৰ ক্ষতিসাধন হোৱাৰ লগতে কিছু লোক সামান্য আহত হোৱাৰ খবৰ পোৱা গৈছে । ঘটনাৰ সন্দৰ্ভত মোককচাঙৰ জিলা থানাত ভুক্তভোগীয়ে এফআইআৰ দাখিল কৰে।

এফ আই আৰত আক্ৰমণকাৰীক ২৪ এংগেটয়ংপাং এ/চিৰ নেশ্যনেল পিপলছ পাৰ্টিৰ প্ৰাৰ্থী এছ মায়ংকাবা অজুকুমৰ সমৰ্থক বুলি উল্লেখ কৰা হৈছে। এফআইআৰত আৰু উল্লেখ কৰা হৈছে যে নিজ নিজ বাহনত বহি এদল ব্যক্তিয়ে পথৰ দুয়ো মূৰৰ পৰা এনডিপিপি সমৰ্থকৰ বাহন আগচি ধৰি শিলগুটি নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে আৰু পিছত গুলীচালনা কৰে।

আক্ৰমণকাৰীয়ে NL 03 5161 (NL 03 5161) নামৰ এখন alto lx গাড়ী পলাব চেষ্টা কৰিছিল যদিও পথৰ ওপৰত বাহনখন দুৰ্ঘটনাগ্ৰস্ত হয়। পিছত আক্ৰমণকাৰী পলাই যাবলৈ সক্ষম হয়। ইফালেঅভিযুক্ত পক্ষই এজন প্ৰাৰ্থীৰ দেহৰক্ষীয়ে তেওঁৰ গাড়ীৰ পৰা ওলাই আহি খালী গুলী চলাইছিল বুলি কোৱা বক্তব্য সঁচা নহয় মন্তব্য কৰিছে।

উত্তপ্ত  নাগালেণ্ড: নিৰ্বাচনী প্ৰাৰ্থীলৈ বুলি দুৰ্বৃত্তৰ গুলীচালনা
কৃষিমন্ত্ৰীৰ সমষ্টিত পৰ্যটন পথৰ দুৰবস্থা, ভোট বৰ্জনৰ হুংকাৰ ৰাইজৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in