কৃষিমন্ত্ৰীৰ সমষ্টিত পৰ্যটন পথৰ দুৰবস্থা, ভোট বৰ্জনৰ হুংকাৰ ৰাইজৰ

নিৰ্বাচন আহে,নিৰ্বাচন যায় ৷ কিন্তু সলনি নহয় সাধাৰণ ৰাইজৰ সমস্যা ৷মন্ত্ৰী অতুল বৰাৰ সমষ্টিৰ উন্নয়ন দেখিলে আচৰিত হ'ব আপুনি।
কৃষিমন্ত্ৰীৰ সমষ্টিত পৰ্যটন পথৰ দুৰবস্থা, ভোট বৰ্জনৰ হুংকাৰ ৰাইজৰ

ডিজিটেল সংবাদ,কাজিৰঙা: নিৰ্বাচন আহে,নিৰ্বাচন যায় ৷ কিন্তু সলনি নহয় সাধাৰণ ৰাইজৰ সমস্যা ৷মন্ত্ৰী অতুল বৰাৰ সমষ্টিৰ উন্নয়ন দেখিলে আচৰিত হ'ব আপুনি। এই পৰ্যটন পথেৰেই কাজিৰঙালৈ অহা দেশী বিদেশী পৰ্যটকসকলে দৰ্শন কৰিবলৈ চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত লুখুৰাসনীয়া আদৰ্শ গাওঁলৈ যায় ৷

উল্লেখ্য যে কাজিৰঙালৈ অহা পৰ্যটকসকলে জীপ ছাফাৰী হাতী ছাফাৰী কৰাৰ পাছত আশা কৰে দাঁতিকাষৰীয়া ৰাইজৰ জীৱন প্ৰণালী উপভোগ কৰিবলৈ ৷ কিন্তু পৰ্যটকটো বাদেই,গাওঁখনৰ ৰাইজেও যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভূগিবলগীয়া হৈ আহিছে৷

বোকাখাত সমষ্টিৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাই নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি দিছিল যে নিৰ্বাচনৰ পাছতে পথছোৱা হ'ব,কিন্তু আজিকোপতি শিল এটাও নপৰিল পথছোৱাত ৷ কেৱল আদৰ্শ গাঁও বুলি নহয়,উদ্যানৰ দাতিকাষৰীয়া প্ৰায় পাচঁখন গাঁওৰ যাতায়তৰ মূল পথ এইছোৱা ৷

বানৰ সময়ত যথেষ্ট অসুবিধা হোৱাৰ লগতে ছাত্ৰ ছাত্ৰী,ৰোগীৰ ক্ষেত্ৰতো জীয়াতু ভূগিব লগীয়া হৈছে পাচখন গাওঁৰ ৰাইজে ৷চৰকাৰক বহুবাৰ আৱেদন নিৱেদন কৰিও বিফল হৈছে গাওঁখনৰ ৰাইজ ৷আগন্তুক নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ ৰাইজৰ ৷

কৃষিমন্ত্ৰীৰ সমষ্টিত পৰ্যটন পথৰ দুৰবস্থা, ভোট বৰ্জনৰ হুংকাৰ ৰাইজৰ
এফালে জুই আনফালে বন্য জন্তুৰ বিচৰণ! শীতে লঠঙা কৰা কাজিৰঙাত উন্মনা ফাগুনৰ পৰশ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in