অন্ত পৰিল চতুৰ্দশ নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ

২৭ ফেব্ৰুৱাৰীত ভোট গ্ৰহণ
অন্ত পৰিল চতুৰ্দশ নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ

ডিজিটেল সংবাদ, বেকাজানঃ চতুৰ্দশ নাগালেণ্ড বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰ শনিবাৰে বিয়লি ৪ বজাত আনুষ্ঠানিকভাৱে অন্ত পৰে । কাইলৈ অৰ্থাৎ ২৭ ফেব্ৰুৱাৰীত চতুৰ্দশ নাগালেণ্ড বিধানসভাৰ ভোট গ্ৰহণ অনুষ্ঠিত হব । ৬০ টা সমষ্টিত হ'ব লগা এই নিৰ্বাচনত মুঠ তেৰটা ৰাজনৈতিক দলৰ ১৮৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। সোমবাৰে ৫৯খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। বিজেপিয়ে ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে এখন আসন লাভ কৰিছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি কেইবাগৰাকীও বিজেপিৰ শীৰ্ষ নেতাই এনডিপিপি-বিজেপিৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাইছিল। ২৭ ফেব্ৰুৱাৰীত ১৩ লাখৰো অধিক যোগ্য ভোটাৰে ভোটদান কৰি ১৮৩ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। এইবাৰৰ নিৰ্বাচনত চাৰিগৰাকী মহিলা প্ৰাৰ্থী আছে । ইয়াৰ ভিতৰত এন ডি পি পিৰ দুগৰাকী আৰু বিজেপি আৰু কংগ্ৰেছৰ এগৰাকীকৈ মহিলা প্ৰাৰ্থী আছে।

উল্লেখযোগ্য যে এইবাৰ নাগালেণ্ডত মুঠ ভোটাৰ ১৩,০৯,৬৫১জন ।ইয়াৰে ৬ লাখ ৫৬ হাজাৰ ৩৫ গৰাকী মহিলা । ৬ লাখ ৫৩ হাজাৰ ৬১৬ গৰাকী পুৰুষ ভোটাৰ। শাৰীৰিক বাবে অক্ষম ৭,৯৮১ ভোটাৰৰ বিপৰীতে প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ লাভ কৰা নতুন ভোটাৰ হৈছে ৩০,০৪৯ জন। সমগ্ৰ ৰাজ্যতেই তিমধ্যে ২৩১৫টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে । ইয়াৰে ৫৩১টা চহৰ অঞ্চলত আৰু বাকী ১৭৮৪টা গ্ৰাম্য অঞ্চলত স্থাপন কৰা হৈছে। আনহাতে প্ৰতিটো ভোটকেন্দ্ৰত গড়ে ৫৬৬টা কৈ ভোটাৰ থাকিব। ১৯৬ টা ভোটকেন্দ্ৰ মহিলা নিৰাপত্তাৰক্ষীকে ধৰি সম্পূৰ্ণ মহিলাই পৰিচালনা কৰিব।

ইফালে মুক্ত, নিকা আৰু ভয়মুক্ত নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগে মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে । নিৰ্বাচন সুচাৰুৰূপে পৰিচালিত কৰিবৰ বাবে ৰাজ্যৰ আৰক্ষী আৰু বাহিনী কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ৩০৫টা কোম্পানী মোতায়েন কৰা হৈছে ।

২০১৮ চনত ২১৯৯ টা ভোটকেন্দ্ৰ থকাৰ বিপৰীতে ৫.৫১ শতাংশ বৃদ্ধি। এই ভোট কেন্দ্ৰ সমূহৰ ভিতৰত ৬৮০ টা দুৰ্বল আৰু ৯২০ টাক জটিল তথা স্পৰ্শকাতৰ ভোটকেন্দ্ৰ হিচাপে চিহ্নিত কৰা। ৱাখা জিলাৰ ভাণ্ডাৰী সমষ্টিৰ মেৰাপানী ভোটগ্ৰহণ কেন্দ্ৰত সৰ্বনিম্ন সংখ্যা ৩৭ জন ভোটাৰ থকাৰ বিপৰীতে চুমুকেডিমাৰ ঘাস্পানি-১নং সমষ্টিত সৰ্বাধিক ভোটাৰৰ সংখ্যা হৈছে ৭৪,৩৯৫ জন।

২৭ ফেব্ৰুৱাৰীত নাগালেণ্ডত অনুষ্ঠিত হ'ব লগা সাধাৰণ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ডিমাপুৰৰ আৰক্ষী আয়ুক্ত কেভিথুটো ছফীয়ে এক নিৰ্দেশ জাৰি কৰিছে যে ৭২ ঘণ্টা ধৰি সকলো আন্তঃৰাজ্যিক সীমান্ত ছীল কৰা হৈছে ।

অন্ত পৰিল চতুৰ্দশ নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ
কলিয়াবৰৰ ৰাঙলুত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in