''এনডিপিপি-বিজেপি মিত্ৰজোঁটৰ আসন বুজাবুজি চুক্তিৰ পুনৰ বিবেচনা কৰা নহ'ব''

এনডিপিপি আৰু বিজেপিৰ মাজত ৪০:২০ আসন ভাগ-বাটোৱাৰা কৰা চুক্তিক লৈ বিজেপি দলৰ ভিতৰ চৰাত বিদ্ৰোহ আৰু অসন্তুষ্টিৰ সৃষ্টি হোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰী নেইফিউ ৰিঅৱে স্থিতি স্পষ্ট কৰিছে ।
''এনডিপিপি-বিজেপি মিত্ৰজোঁটৰ আসন বুজাবুজি চুক্তিৰ পুনৰ বিবেচনা কৰা নহ'ব''

ডিজিটেল সংবাদ,ৱাখা : সমাগত নাগালেণ্ড বিধানসভাৰ নিৰ্বাচন। এনডিপিপি আৰু বিজেপিৰ মাজত ৪০:২০ আসন ভাগ-বাটোৱাৰা কৰা চুক্তিক লৈ বিজেপি দলৰ ভিতৰ চৰাত বিদ্ৰোহ আৰু অসন্তুষ্টিৰ সৃষ্টি হোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰী নেইফিউ ৰিঅৱে স্থিতি স্পষ্ট কৰিছে ।

বৃহস্পতিবাৰে ক'হিমাৰ নাগালেণ্ড অসামৰিক সচিবালয় প্লাজাত ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত এই কথা প্ৰকাশ কৰি নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই। তেওঁ কয় যে যিহেতু চুক্তিখন দুয়োপক্ষৰ মাজত হোৱা ঐকমত্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে । সেয়েহে এই চুক্তিখনত কোনো ধৰণৰ পুনৰ বিবেচনা বা পৰিৱৰ্তন কৰা নহ'ব। তেওঁ কয় যে চিট শ্বেয়াৰিঙৰ সিদ্ধান্ত ইতিমধ্যে লোৱা হৈছে আৰু ইয়াক সলনি কৰিবলগীয়া একো নাই।

মিত্ৰজোঁটৰ অংশীদাৰসকলে যিবোৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব সেই সন্দৰ্ভত ৰিঅ’ই কয় যে এই মাহৰ ভিতৰতে ঘোষণা কৰা হ’ব। ইফালে সূত্ৰই জনোৱা মতে, মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক বিধানসভাৰ আসন আবণ্টন ২৯ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব। ৰিঅ’ই লগতে স্পষ্ট কৰি দিয়ে যে এনডিপিপি আৰু বিজেপিৰ মাজত কোনো বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দিতা নহয় । বৰঞ্চ মিত্ৰজোঁটৰ অংশীদাৰে তেওঁলোকৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰা আসনত ইজনে সিজনক সহায় কৰিব।

আৰু পঢ়ক: এক লিটাৰ পেট্ৰলৰ দাম ২১৪, আটাৰ মূল্য ১৫০; ভয়ংকৰ আৰ্থিক সংকটত পাকিস্তান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in