/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/809d668f-0006-43b4-837c-93ed5a561738/nagal.jpg)
ডিজিটেল সংবাদ, ৱাখা: বৰদিনৰ পূৰ্বে চূড়ান্ত নগা চুক্তি স্বাক্ষৰ হোৱাৰ কোনো সম্ভাৱনা নাই । এই কথা ঘোষণা কৰিছে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅৱে । আনহাতে সাত দশকজোৰা নগা ৰাজনৈতিক সমস্যা সমাধানৰ সমৰ্থনত একত্ৰিত হৈ শাসক আৰু বিৰোধীয়ে চৰকাৰ গঠন কৰা ৬০ জন নিৰ্বাচিত সদস্যই ডিচেম্বৰ মাহত কোনো নিৰ্বাচনী প্ৰচাৰ নকৰিবলৈ সিদ্ধান্ত লৈছে ।
মঙলবাৰে চিয়েফ’ব’জ’ত অনুষ্ঠিত হোৱা এক অনুষ্ঠানৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅৱে সংবাদ মাধ্যমৰ আগত এই কথা ঘোষণা কৰে। ৰিঅ’ই লগতে কয় যে তেওঁ নগা ৰাজনৈতিক গোটসমূহক আৰু এন এছ চি এন আই এমক এই কথা বুজাই দিছে যে যদি নগা সমস্যাৰ সমাধান নাহে তেতিয়া নিৰ্বাচন ঘোষণা কৰিলেও তেওঁলোকে কোনো ধৰণৰ প্ৰচাৰ নকৰে ।
আনহাতে যদি নিৰ্বাচন ঘোষণা কৰে তেনেহ'লে নাগালেণ্ডৰ নিৰ্বাচিত সদস্যসকলে নিৰ্বাচনত অংশগ্ৰহণ কৰিব লাগিব। গতিকে গোটসমূহে বিধায়কসকলক দোষাৰোপ কৰা উচিত নহয় কাৰণ তেওঁলোক কেৱল সুবিধা প্ৰদানকাৰী। ৰিঅ’ৰ মতে বৰদিনৰ পূৰ্বে চলি থকা নগা শান্তি আলোচনাত কোনো ধৰণৰ অগ্ৰগতি নহয় । কাৰণ আলোচনাপন্থী পক্ষসমূহ দিল্লীৰ পৰা ইতিমধ্যে কেম্প হেব্ৰন লৈ উভতি আহিছে।
ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেচন অৰ্থাৎ এনপিঅ’ই সীমান্ত নাগালেণ্ডৰ দাবী সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে অৱগত কৰে যে গৃহ মন্ত্ৰালয় উত্তৰ পূৰ্বাঞ্চলৰ উপদেষ্টা এ কে মিশ্ৰৰ নেতৃত্বত অহা কেন্দ্ৰীয় পেনেল টিমে তেওঁক আৰু ৰাজ্যৰ জ্যেষ্ঠ বিষয়াসকলক সাক্ষাৎ কৰি তেওঁলোকৰ পৰা মতামত বিচাৰে। ৰিঅ’ই কয় যে গৃহমন্ত্ৰ্যালয়ৰ দলটোৱে বিভিন্ন শ্ৰেণীৰ ৰাইজৰ সৈতে হোৱা বৈঠকত সন্তুষ্ট হৈছে। তেওঁ কয়, ৰাজ্য চৰকাৰে ইতিমধ্যে তথ্য আৰু পৰামৰ্শসমূহ গৃহমন্ত্ৰ্যালয়লৈ প্ৰেৰণ কৰিছে। এতিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আৰু ই গৃহ মন্ত্ৰালয়ৰ ওপৰত নিৰ্ভৰশীল আৰু কিছু সিদ্ধান্ত লোৱা হ’ব বুলি তেওঁ আশাবাদী ।
আৰু পঢ়ক: নামতহে স্পা-বিউটি পাৰ্লাৰ, দাস বাইদেউৰ কৃপাত ভিতৰত চলিছে যৌনতাৰ বজাৰ