নামতহে স্পা-বিউটি পাৰ্লাৰ, দাস বাইদেউৰ কৃপাত ভিতৰত চলিছে যৌনতাৰ বজাৰ

ৰাজ্যত কাঠফুলাৰ দৰে বাঢ়িছে স্পা আৰু বিউটি পাৰ্লাৰ। কেৱল গুৱাহাটী মহানগৰীতে আছে ৬০০ ৰো অধিক স্পা আৰু বিউটি পাৰ্লাৰ। ইয়াৰে ৪০০ খন স্পা আৰু বিউটি পাৰ্লাৰ ইউনিচেক্স।
নামতহে স্পা-বিউটি পাৰ্লাৰ, দাস বাইদেউৰ কৃপাত ভিতৰত চলিছে যৌনতাৰ বজাৰ

স্পা আৰু বিউটি পাৰ্লাৰৰ নামত মহানগৰীত চলে? মুকলিকৈ ৰমৰমীয়া দেহৰ ব্যৱসায় চলে একাংশ স্পা আৰু বিউটি পাৰ্লাৰত। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন।

ৰাজ্যত কাঠফুলাৰ দৰে বাঢ়িছে স্পা আৰু বিউটি পাৰ্লাৰ। কেৱল গুৱাহাটী মহানগৰীতে আছে ৬০০ ৰো অধিক স্পা আৰু বিউটি পাৰ্লাৰ। ইয়াৰে ৪০০ খন স্পা আৰু বিউটি পাৰ্লাৰ ইউনিচেক্স। সেইবোৰৰ ভিতৰত ১৫০ ৰ পৰা ১২০ খন স্পা আছে গুৱাহাটীত। এই স্পা বোৰৰ ভিতৰত কি চলে সেয়া আৰক্ষী প্ৰশাসন সকলোৱে জানে যদিও ইয়াৰ বিৰুদ্ধে লোৱা নাই কোনো ব্য়ৱস্থা।

গুৱাহাটী মহানগৰীৰ উলুবাৰীৰ এটা ৫ মহলীয়া বিল্ডিঙত আছে এখন বিশেষ স্পা। সেই স্পাখনলৈ অহা গ্ৰাহকক সকলো ধৰণৰ সুবিধা দিয়ে স্পাৰ মালিকে। এক কথাত স্পা আৰু বিউটি পাৰ্লাৰৰ নামত মুকলি দেহৰ ব্যৱসায় চলিছে তাত।

বন্ধ কোঠাত পুৰুষ গ্ৰাহকক মহিলাই আৰু মহিলা গ্ৰাহকক পুৰুষে বডি মাছাজ দিয়াৰ নামত এই অনৈতিক কাৰ্য সংঘটিত হয়। ভিতৰত তেনে সুবিধা লাভ কৰিবৰ বাবে গ্ৰাহকে ভৰিব লাগে ৫০০ ৰ পৰা ১০০০ টকা।

এই বিউটি পাৰ্লাৰ খনৰ গৰাকী এগৰাকী দাস উপাধিধাৰী বিবাহ বিচ্ছেদকাৰী মহিলা। এই ব্য়ৱসায়ৰে লাখ লাখ টকাৰ ব্যৱসায় কৰা এইগৰাকী মহিলাৰ উলুবাৰী হনুমান মন্দিৰৰ ওচৰতো আন এখন স্পা আৰু বিউটি পাৰ্লাৰ আছে।

মুঠতে তেওঁৰ ৬ ৰ পৰা ৭ খন বিউটি পাৰ্লাৰ আছে বুলি জানিব পৰা গৈছে। স্থানীয় লোকে এইগৰাকী মহিলাৰ স্পা আৰু বিউটি পাৰ্লাৰত অনৈতিক কাৰ্য চলে বুলি অভিযোগ উত্থাপন কৰাৰ পাছতো আৰক্ষী প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

অসমৰ বাহিৰৰ কম বয়সীয়া যুৱতীকো ইয়াত নিয়োজিত কৰা আছে। উল্লেখযোগ্য় যে, তেওঁৰ আন এখন স্পা আছে ৰাজগড়ত। পল্টনবজাৰ, গনেশগুৰি, খ্ৰীষ্টানবস্তিতো থকা তেওঁৰ স্পা আৰু বিউটি পাৰ্লাৰ বোৰত মূলত এই ব্যৱসায়ে চলে।

এইগৰাকী মহিলাই উপাস নামৰ হনুমান মন্দিৰৰ সমীপত থকা স্পা খনতে বহি সমগ্ৰ ব্যৱসায় তদাৰক কৰে। উল্লেখ্য যে, মহানগৰীত এতিয়া স্পা বোৰত দেহ ব্যৱসায় চলাতো সাধাৰণ কথা হৈ পৰিছে।

কেৱল হেঙেৰাবাৰী পথতেই আছে ৭ খন স্পা আৰু বিউটিপাৰ্লাৰ। ইয়াৰে এখনক বাদ দি বাকী কেইখনত চলে সেই অনৈতিক কাৰ্য। আৰ জি বৰুৱা ৰডটো আছে তেনে কেইখন মান স্পা। চিৰিয়াখানৰ পৰা কিছু নিলগত থকা আন এখন স্পাটো মুকলিকৈ কোঠাৰ ভিতৰত চলে যৌনতাৰ ব্যৱসায়।

গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত পদত থাকোতে এই স্পা আৰু বিউটি পাৰ্লাৰৰ বিৰুদ্ধে দেৱাশীষ শৰ্মাৰ উদ্যোগত ব্যাপক অভিযান চলিছিল। কিন্তু তেওঁ বদলি হৈ যোৱাৰ পাছৰ পৰাই পুনৰ সেই ব্যৱসায় পূৰ্ণগতিত চলিব ধৰিছে।

স্পা আৰু বিউটি পাৰ্লাৰৰ নিয়ম অনুসৰি কেবিন সমূহত দৰ্জা থাকিব নোৱাৰে যদিও ব্যৱসায়ৰ সুবিধাৰ বাবে কেবিনবোৰ দৰ্জা বন্ধ কৰি ভিতৰত এই অনৈতিক কাৰ্য সংঘটিত হৈ আহিছে।

বৰবাৰীৰ নিচিনা অঞ্চলতো এনে ব্যৱসায়ে গা কৰি উঠিছে। এতিয়া এই ব্যৱসায় নচলে ক'ত। মহানগৰীৰ কেইবাস্থানতো স্পা আৰু বিউটি পাৰ্লাৰৰ নামত যৌনতা সুলভ হৈ পৰিছে। ইফালে অভিযোগ অনুসৰি দাস উপাধিধাৰী মহিলা গৰাকীয়ে নাৰী সৰবৰাহ আৰু নাৰী যোগান ধৰাৰ কামো কৰে।

গুৱাহাটী পৌৰ নিগমে কেতিয়া নাকী লগাব এই স্পা আৰু বিউটি পাৰ্লাৰত? পাৰ্লাৰৰ উপৰিও গুৱাহাটীৰ কেইবাখনো বাৰতো চলে এনে অনৈতিক কাৰ্য। জু ৰোডৰ ট্ৰেফিক চিগনেলৰ ওচৰতে থকা এখন বাৰ সেই অঞ্চলটোৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছে।

এজন শক্তিশালী আৰু প্ৰভাৱশালী ব্যক্তিৰ আশীৰ্বাদত চলি আছিল সেই বাৰ। মাজনিশা বাৰৰ পৰা সুৰাৰ ৰাগীত মতলিয়া হৈ নামি অহা যুৱতীয়ে প্ৰায়েই ৰাজপথত কাজিয়া কৰাৰ ঘটনা প্ৰায়েই চলিছিল।

বাৰ আৰু স্পাৰ এই ৰমৰমীয়া ব্যৱসায় ৰোধ কৰিব পাৰিবনে প্ৰশাসনে? স্থানীয় ৰাইজে অভিযোগ দিয়াৰ পাছতো কিয় ব্যৱস্থা গ্ৰহণ নকৰে আৰক্ষীয়ে? গুৱাহাটীৰ উন্নয়নৰ মন্ত্ৰী অশোক সিংঘাল কিয় এইবোৰ বিষয়ত নীৰৱ দৰ্শক। নে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চকু দিলেহে গা লৰিব অসম আৰক্ষী আৰু সংশ্লিষ্ট বিভাগৰ?

আৰু পঢ়ক: আন ৰাজ্যৰ আছে, আমাৰহে নাই ৰাজ্যিক মাছ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in