/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/0868b04d-0878-4dbe-aed3-c158234ef311/a10.jpg)
ডিজিটেল সংবাদ, বেকাজানঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ,গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ উপস্থিত মঙলবাৰে ক'হিমাৰ কালচাৰেল হলত নেইফিউ ৰিঅৱে শপত গ্ৰহণ কৰে। পঞ্চমবাৰৰ বাবে নাগালেণ্ডৰ নতুন মুখ্যমন্ত্ৰী হিচাপে তেওঁ শপত গ্ৰহণ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/fcd34c61-20c9-4712-ab8e-c16f1f47901f/8d798438_c473_4248_b6e6_6972a62b760e.jpg)
ৰাজ্যপাল লা গনেশনে নেইফিউ ৰিঅক আৰু তেওঁৰ মন্ত্ৰী পৰিষদৰ সদস্যসকল শপত বাক্য পাঠ কৰোৱাই । শপত গ্ৰহণ অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী তথা নেডাৰ আহবায়ক ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/d63655a6-cc82-4f05-bb0a-e5b73c4b1d40/eb8cd2f0_ac5a_4be4_94c9_f03181ae8d4c.jpg)
১২ জনীয়া নেইফিউ ৰিঅৰ মন্ত্ৰী সভাত বিজেপিৰ ৫ গৰাকীয়ে মন্ত্ৰীত্ব লাভ কৰা বিপৰীতে এন ডি পি পিৰ ৭ গৰাকীয়ে মন্ত্ৰীৰ পদ লাভ কৰিছে । ইফালে বিজেপিৰ জ্যেষ্ঠ নেতা ৱাই পাট্টনে উপ মুখ্যমন্ত্ৰী পদ লাভ কৰাৰ বিপৰীতে ছালহোটোনো ক্ৰুছে একমাত্ৰ মহিলা হিচাপে মন্ত্ৰীসভাত স্থান লাভ কৰিছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/dd0375ce-4b02-452b-87ea-16819f08e403/52de0795_a7e7_421c_a133_34dc9d19058d.jpg)
মন্ত্ৰীসভাত স্থান লাভ কৰা মন্ত্ৰীসকল হৈছে টি আৰু জেলিয়াঙ , ৱাই পাট্টনে , জি কাইতো আয়ে , জেকব ঝিমমি , কেজি কেনী, পায়ৱাঙ কন্যাক, মেটেছুবো জমিৰ , টেমজন ইমনা আলঙ , চি এল জন ,বাছাংমাংগা ছাঙ আৰু ছালহোটোনো ক্ৰুছ । উল্লেখযোগ্য বিগত ৬০বছৰীয়া নাগালেণ্ডৰ বিধানসভাৰ ইতিহাসত এইবাৰে এগৰাকী মহিলা মন্ত্ৰীসভাত স্থান লাভ কৰি ইতিহাস ৰচনা কৰিছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/0ab95d8e-b319-49f4-aa77-2e0d56eeb22e/31ec4667_c59d_497d_b5bc_4eec906a4e6c.jpg)
ইফালে মুখ্যমন্ত্ৰী নেইফিউ ৰিঅৱে ২০০৩ , ২০০৮, ২০১৩ ,২০১৪, ২০১৮ আৰু ২০২৩ চনত ৫বাৰকৈ মুখ্যমন্ত্ৰী হৈ নাগালেণ্ডৰ আটাইতকৈ দীৰ্ঘ কালৰ মুখ্যমন্ত্ৰী হিচাপে অভিলেখ গঢ়িছ ।
Also Read: সাহিত্য়-সমাজ সাংস্কৃতিক সেৱা মঞ্চ অসমৰ বঁটা ঘোষণা
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us