সাহিত্য়-সমাজ সাংস্কৃতিক সেৱা মঞ্চ অসমৰ বঁটা ঘোষণা

অগ্ৰদূতৰ মুখ্য সম্পাদক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকাক জীৱনযোৰা সাধনা বঁটা

author-image
Asomiya Pratidin
New Update
সাহিত্য়-সমাজ সাংস্কৃতিক সেৱা মঞ্চ অসমৰ বঁটা ঘোষণা

ডিজিটেল ডেস্কঃ অসমৰ অন্যতম অগ্ৰণী অনুষ্ঠান সাহিত্য়-সমাজ সাংস্কৃতিক সেৱা মঞ্চ অসমৰ বঁটা ঘোষণা। অনুষ্ঠানটিয়ে বিগত বৰ্ষৰ দৰে ২০২৩ বৰ্ষৰ ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা ঘোষণা কৰে।

Advertisment

এই বঁটাৰ বাবে সেৱা মঞ্চ অসমে অসমৰ আগশাৰীৰ বাতৰি কাকত অগ্ৰদূতৰ মুখ্য সম্পাদক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকাক জীৱনযোৰা সাধনা বঁটাৰ বাবে নিৰ্বাচিত কৰিছে। গুৱাহাটী মহানগৰীত মঙলবাৰে মঞ্চৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন কাৰ্যনিৰ্বাহক সভা।

সভাত ড০ চাহিদ আলমদাৰ হুছেইন,প্ৰতিমা মণ্ডল, শশীন্দ্ৰ শৰ্মা, বিনয় ৰঞ্জন শৰ্মা, দিপালী দাস, মামণি বৰদলৈ,কুঁহি ৰাজকুমাৰী,পুতুল হালৈ,সাধনা ইংজাল,ডন হালৈ,নগেন তালুকদাৰ,পদ্মা ৰাজবংশী,সংগীতা ডেকা,নিজৰা,নমামী গগৈ,হিয়া মেধি, পদ্মকান্ত বৰাকে ধৰি ভালেকেইগৰাকী ব্যক্তিক এই বঁটাৰ বাবে উক্ত সভাই নিৰ্বাচিত কৰিছে বুলি সমিতিয়ে জনায়। অহা ১২ মাৰ্চত দিশপুৰৰ লোক নিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত এইসকল ব্যক্তিক বঁটা প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে।

Also Read: মহানগৰীত কৃত্ৰিম বান সৃষ্টিকাৰী ২৬ খন সেতু ভঙাৰ নিৰ্দেশ পৌৰ নিগমৰ

award