হৰ্ণবিল মহোৎসৱত দেশী-বিদেশী পৰ্যটকক আদৰিবলৈ সাজু নাগালেণ্ড

হৰ্ণবিল মহোৎসৱত দেশী-বিদেশী পৰ্যটকক  আদৰিবলৈ সাজু নাগালেণ্ড

ডিজিটেল সংবাদ,বেকাজান: লেণ্ড অৱ ফেষ্টিভেল অৰ্থাৎ উৎসৱৰ ভূমি হিচাপে খ্যাত নাগালেণ্ডত ১ ডিচেম্বৰ পৰা ১০ ডিচেম্বৰ লৈ নাগাসকলৰ পুৰাতন লোককৃষ্টি আৰু পৰম্পৰাগত ক্ৰীড়াৰে মুখৰিত হ'ব নাগা ঐতিহ্য গাঁও কিছামাৰ বাকৰি । নাগা লোকগীত আৰু পাশ্চাত্য ৰক সংগীতৰ অপূৰ্ব মুৰ্ছনাৰে বৰ্ণময় উঠিব ২৪ সংখ্যক হৰ্ণবিল মহোৎসৱ।

নাগাসকলৰ লোককৃষ্টিক বৈচিত্ৰ্যৰ ঐক্য তথা পৰম্পৰাগত আৰু সমসাময়িক নগা সংস্কৃতিক প্ৰদৰ্শন কৰিবলৈ এই মহোৎসৱৰ ইতিমধ্যে সাজু হৈ উঠিছে। হৰ্নবিল উৎসৱৰ কাইলৈ পুৱা ক'হিমাৰ সচিবালয়ৰ বাকৰিত ৬০ সংখ্যক নাগালেণ্ড ৰাজ্য প্ৰতিষ্ঠা দিৱসৰ সৈতে আৰম্ভ হব।

ইয়াৰ পিছতেই বিয়লি ৪ বজাত ৰাজধানী ক'হিমাৰ পৰা ১২ কিলোমিটাৰ নিলগৰ নগা ঐতিহ্য গাঁও কিছামা বাকৰিত প্ৰসিদ্ধ ২৪ সংখ্য হৰ্ণবিল উৎসৱৰ উদ্বোধন কৰিব আমেৰিকাৰ ৰাষ্ট্ৰদূত এৰিক গাৰ্চেট্টিয়ে।

আনহাতে ভাৰতত থকা ব্ৰিটিছ উচ্চায়ুক্ত এলেক্স এলিছ, ভাৰতত কলম্বিয়াৰ ৰাষ্ট্ৰদূত ড° ভিক্টৰ ইচেভেৰী জাৰামিলো আৰু জাৰ্মান কনছুল জেনেৰেল কলকাতা বাৰ্বাৰা ভছে এই উৎসৱৰ সন্মানীয় অতিথি হিচাপে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব। নাগালেণ্ডৰ গৱৰ্ণৰ লা গনেছন আৰু মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ ক্ৰমে মুখ্য আয়োজক হিচাপে উপস্থিত থাকিব।

হৰ্ণবিল উৎসৱৰ প্ৰথম কাৰ্যসূচীত হস্ত আৰু বয়নশিল্পৰ মেলা, বাঁহ পেভিলিয়ন, কিছামা CRAFTSCAPEৰ সংগ্ৰহালয়, HORNBILL CAFE, মিলেট ফেষ্টিভেল অৰেগনিক পেলিয়ন, দ্বিতীয় বিশ্বযুদ্ধৰ স্মাৰক সংগ্ৰহালয় ,হৰ্নবিল আন্তঃৰাষ্ট্ৰীয় ফটো প্ৰতিযোগিতা আৰু নিশা কীডছ কাৰ্নিভাল উদ্বোধন কৰা হ'ব ।

এইবাৰৰ হৰ্ণবিল মহোৎসৱৰ ২৪ সংখ্যক সংস্কৰণত দেশী-বিদেশী পৰ্যটকসকলে নাগালেণ্ড ১৭ টা প্ৰধান জনগোষ্ঠীয়ে একত্ৰিত হৈ নাগা ঐতিহ্য গাঁও কিছামাত ৰঙীণ সাজ-পোছাক, স্পন্দনশীল ছন্দৰ নৃত্য আৰু সংগীতৰ সাক্ষী হ'ব‌। ১০ দিন ধৰি চলিব লগা এইবাৰ ২৪ সংখ্যক হৰ্নবিল মহোৎসৱত শিল্পকৰ্ম আৰু হস্ততাঁত সামগ্ৰীৰ প্ৰদৰ্শনী, আৰু নগা খাদ্য সম্ভাৰৰ ওপৰিও নগা মল্লযুঁজ সন্থাৰ সহযোগত ৪ ডিচেম্বৰত চিয়েচামাৰ খেলপথাৰত মল্লযুঁজ চেম্পিয়নশ্বিপ অনুষ্ঠিত হ’ব ।

আনহাতে ৮ আৰু ৯ ডিচেম্বৰত কিছামা হৰটিস্কেপত মহিলা উন্নয়ন বিভাগৰ একক আৰু দলীয় নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। নাগালেণ্ডৰ পৰ্যটনৰ সচিব নুম্বেমো লোথাই জানিবলৈ দিয়ামতে পুৱা সাংস্কৃতিক আৰু পৰম্পৰাগত ক্ৰীড়া অনুষ্ঠান প্ৰদৰ্শন কৰা হ'ব আৰু সন্ধিয়াৰ পৰা সংগীত পৰিবেশন আৰম্ভ হ’ব।

স্থানীয় শিল্পীসকলৰ উপৰিও বলিভিয়া, কোৰিয়া, জাৰ্মানী, ইজৰাইলৰ সংগীতজ্ঞসকলেও এই উৎসৱত অনুষ্ঠান পৰিৱেশন কৰিব। আনহাতে অহা বছৰ মহোৎসৱৰ ৰূপালী জয়ন্তী উদযাপন কৰা হ'ব বাবে এইবাৰ বিশেষ সংস্কৰণ হ’ব বুলিও তেওঁ কয়।

ইফালে ৰিঅ’ই সামাজিক মাধ্যমত ঘোষণা কৰামতে আমেৰিকা যুক্তৰাষ্ট্ৰ, কলম্বিয়া আৰু জাৰ্মানীক পৰৱৰ্তী হৰ্ণবিল উৎসৱৰ বাবে আনুষ্ঠানিক অংশীদাৰ দেশ হ'ব। তেওঁ আশা কৰে যে এই অংশীদাৰিত্বসমূহে পাৰস্পৰিক লাভৰ বাবে দ্বিপাক্ষিক সহযোগিতাক বৃদ্ধি কৰিব। ১০ দিনীয়া এই উৎসৱৰ অন্যান্য কাৰ্যসূচীৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ৰিঅ’ই কয় যে নাগালেণ্ডে নাগালেণ্ডৰ বিনিয়োগ আৰু উন্নয়নৰ বাবে এক ঘূৰণীয়া মেজ আলোচনাৰ জাৰ্মান ব্যৱসায়িক প্ৰতিনিধি দলৰ আয়োজন কৰিব।

জাৰ্মান ৰক বেণ্ড ই এল এম ট্ৰিয়েও হৰ্ণবিল মিউজিক ফেষ্টিভেলত অংশগ্ৰহণ কৰিব আৰু গ’থে-ইন্সটিউট/মেক্স মুলাৰ ভৱন কলকাতাই চলচ্চিত্ৰ মহোৎসৱত জনপ্ৰিয় জাৰ্মান চলচ্চিত্ৰ প্ৰডাকচন প্ৰদৰ্শন কৰিব। ৰিঅ’ই কয় যে কলম্বিয়াৰ পৰা অহা সাংস্কৃতিক ৰাষ্ট্ৰদূতে এই উৎসৱৰ সময়ত সংগীত অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

এই অংশীদাৰিত্বই এই উৎসৱত অধিক মূল্য আৰু বৈচিত্ৰ্য সংযোজন কৰিব আৰু আমি দুয়োখন দেশ (ভাৰত আৰু কলম্বিয়া)ৰ মাজত অধিক সহযোগিতাৰ বাবে আগ্ৰহী বুলিও তেওঁ কয়। তদুপৰি আমেৰিকাৰ সংগীত বেণ্ডৰ আয়োজন আৰু উৎসৱত কেইবাটাও অনুষ্ঠানত আমেৰিকাৰ ৰক বেণ্ডে অংশগ্ৰহণৰ কৰিব। পৰ্যটকসকলে নাগালেণ্ডৰ ১০দিনীয়া হৰ্ণবিল মহোৎসৱত সুৰৰ চিম্ফনী, আৰু পৰম্পৰাগত সুস্বাদু খাদ্যৰ সোৱাদ ল'ব পাৰিব।

হৰ্ণবিল মহোৎসৱত দেশী-বিদেশী পৰ্যটকক  আদৰিবলৈ সাজু নাগালেণ্ড
নগাঁৱত ‘উদ্যোগ প্ৰতিষ্ঠান আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ সংযোগ’ শীৰ্ষক অভিৱৰ্তন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in