নগাঁৱত ‘উদ্যোগ প্ৰতিষ্ঠান আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ সংযোগ’ শীৰ্ষক অভিৱৰ্তন

অভিৱৰ্তনত আমেৰিকা যুক্তৰাষ্ট্ৰ, বাংগালোৰ, মুম্বাইৰ উদ্যোগপতি আৰু উদ্যমিতাৰ অংশগ্ৰহণ
নগাঁৱত ‘উদ্যোগ প্ৰতিষ্ঠান আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ সংযোগ’ শীৰ্ষক অভিৱৰ্তন

ডিজিটেল সংবাদ,নগাঁও : নগাঁও কলেজ (অট'নমাচ) ত নতুন শিক্ষা নীতি-২০২০ ৰ লগত সংগতি ৰাখি এক অভিৱৰ্তনৰ আয়োজন কৰা হয়। ‘উদ্যোগ প্ৰতিষ্ঠান আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ সংযোগ’ শীৰ্ষক অভিৱৰ্তনখন কাৰ্য প্ৰণালীক ৰূপ দিবলৈ ২৯ নৱেম্বৰৰ পৰা দুদিনীয়াকৈ আভ্যন্তৰীণ মান আশ্বাসন কোষৰ উদ্যোগত আৰু প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সহযোগত অভিৱৰ্তন অনুষ্ঠিত হয়।

নগাঁও কলেজৰ প্ৰাক্তন ছাত্ৰ তথা বৰ্তমান মুম্বাইস্থিত ইকচায়েন্স কনচাল্টিঙ প্ৰাইভেট লিমিটেডৰ উপদেষ্টা দিলীপ ভাৰতীয়ে সঞ্চালনা কৰা অভিবৰ্তনত বিশিষ্ট অতিথি হিচাপে অনলাইনযোগে উপস্থিত থাকে নগাঁও বিধান সভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু আমেৰিকাৰ চিকাগোস্থিত জিঅ’ ইনষ্টিটিউট অৱ মেনেজমেন্টৰ উপাচাৰ্য ড০ দীপক চান্দ জৈন।

এই অভিৱৰ্তনখন মুকলি কৰি ৰূপক শৰ্মাই নগাঁও জিলাত এটা বিমান বন্দৰৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰে। লগতে তেওঁ নগাঁও জিলাত এখন ব্যৱস্থাপনা শিক্ষানুষ্ঠান স্থাপন কৰাৰ পোষকতা কৰে।

ড০ জৈনে অভিৱৰ্তনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ‘উদ্যমিতা, সৃজনশীলতা আৰু ব্যৱস্থাপনা শিক্ষা’ সন্দৰ্ভত কয় যে, এই যুগ উদ্যমিতাৰ যুগ। আমেৰিকাৰ মেনেজমেন্ট ইউনিভাৰ্চিটি অৱ নৰ্থ আলাবামাৰ অধ্যাপক ড০ শান্তনু বৰাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কয় যে আগৰ দিন আৰু নাই।অসমৰ যুৱকসকলে নিজকে ব্যৱসায়মুখী কৰি তুলিব লাগে বুলি পৰামৰ্শ আগবঢ়ায়।

এজন সফল উদ্যোগী হ’বলৈ পৰম্পৰাগত চিন্তাৰ পৰা আঁতৰ হৈ চিন্তা কৰিব লাগিব বুলিও মত প্ৰকাশ কৰে। ড০ ভুৱন চন্দ্ৰ চুতীয়াই নগাঁও কলেজৰ এক ৰূপৰেখা দাঙি ধৰে। নগাঁও কলেজ (অট’নমাচ) ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সাধাৰণ সম্পাদক তথা দৰ্শন বিভাগৰ মুৰব্বী ড০ নৱপ্ৰসাদ নাথে আঁত ধৰা এই অভিৱৰ্তনত আদৰণী ভাষণ প্ৰদান কৰে কলেজৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে।

ড০ বৰকটকীয়ে ‘উদ্যোগ প্ৰতিষ্ঠান আৰু কলেজৰ সম্পৰ্ক’ৰ কাৰ্য প্ৰণালীৰ লগত পাঠ্যক্ৰম, পাঠ্যপুথি প্ৰস্তুত কৰাৰ গুৰুত্ব সম্পৰ্কে মত প্ৰকাশ কৰি ছাত্ৰ-ছাত্ৰীয়ে কলেজত লাভ কৰা শিক্ষাৰ জৰিয়তে ব্যৱসায় কৰিবলৈ সুযোগ লাভ কৰাৰ উপৰি নিযুক্তি লাভ কৰিব বুলি মন্তব্য কৰে। দিলীপ ভাৰতীয়ে সঞ্চালকৰ ভাষণত নগাঁও কলেজৰ ছাত্ৰ সমাজক উদ্যমিতাৰ দিশত এক নতুন পথৰ সন্ধান দিবলৈ তথা ব্যৱসায়মুখী কৰি তুলিবলৈ নগাঁও কলেজত এটা উদ্ভাৱনা কোষ গঠন কৰাৰ কথা ব্যক্ত কৰে।

এই উদ্ভাৱনা কোষৰ অধীনত ছটা ক্ষুদ্ৰ কোম্পানী স্থাপন কৰি ৫টা ব্যৱসায় ক্ৰমে- জননী, কলাখাৰ, ই-কমাৰ্চ, কল চেন্টাৰ আৰু এইচ. আৰ আৰম্ভ কৰা হ’ব বুলি উল্লেখ কৰে। প্ৰাৰম্ভিক অৱস্থাত ৬০জন ছাত্ৰ-ছাত্ৰীয়ে প্ৰশিক্ষণৰ সুবিধা লাভ কৰিব আৰু তেওঁলোকে নিজা উদ্যোগেৰে এটা ব্যৱসায় আগবঢ়াব পাৰিব বুলিও মত প্ৰকাশ কৰে।

সঞ্চালক দিলীপ ভাৰতীক এই উদ্ভাৱনা কোষৰ পৰিচালনাৰ বাবে দুবছৰ সমন্বয়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ অভিৱৰ্তনৰ দায়িত্ব প্ৰদান কৰে। অধ্যাপক দীপক জৈন আৰু শান্তনু বৰাই এই প্ৰচেষ্টাত সহায় কৰিব বুলি আশ্বাস প্ৰদান কৰে।

অভিৱৰ্তনখনত উদ্যোগী তথা নগাঁও কলেজৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী ক্ৰমে গুৱাহাটীস্থিত ইনষ্টিটিউট অৱ এডভান্স ষ্টাডি ইন চায়েন্স এণ্ড টেকনলজিৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড০ ৰাজলক্ষ্মী দেৱী, টেকভেৰিয়েবলৰ মুখ্য কাৰ্যবাহী বিষয়া নিলোৎপল বৰুৱা, গুৱাহাটীৰ পাৰিজাত হস্ততাঁত উদ্যোগৰ মুখ্য কাৰ্যবাহী বিষয়া আইমণি টুমুঙ, প্ৰখ্যাত ফ্যেশ্বন ডিজাইনাৰ বন্দনা ডেকাদলৈ, অৰ্চনা ভট্টাচাৰ্য, অংকুৰ গোস্বামী, চন্দন কুমাৰ বৰা, সুৰেশ আগৰৱালা, কিশোৰ দাস, দীপালি দাস মজুমদাৰ, মঞ্জুল বৰুৱাকে প্ৰমুখ্য কৰি অন্যান্য সতীৰ্থ, অধ্যাপক-অধ্যাপিকা, অনা শিক্ষক কৰ্মচাৰী, দুই শতাধিক ছাত্ৰ-ছাত্ৰী আৰু শুভাকাংক্ষী উপস্থিত থাকে। কলেজে আৰু উৎপাদনকাৰী আৰু উদ্যমীসকলৰ মাজত থকা দূৰত্বৰ অৱসান ঘটাই সেঁতু স্থাপন কৰা হওক- এই প্ৰস্তাৱ গ্ৰহণেৰে দুদিনীয়াকৈ আয়োজিত অভিৱৰ্তনখনৰ বৃহস্পতিবাৰে অন্ত পৰে।

নগাঁৱত ‘উদ্যোগ প্ৰতিষ্ঠান আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ সংযোগ’ শীৰ্ষক অভিৱৰ্তন
শিক্ষা বিভাগৰ উদ্যোগত নগাঁও-হোজাইত স্কুটী বিতৰণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in