৩০ হাজাৰ নতুন ভোটাৰেৰে নাগালেণ্ডত বৃদ্ধি পাইছে ৰাজনৈতিক সচেতনতা...

author-image
Asomiya Pratidin
New Update
প্ৰকাশ পালে চূড়ান্ত ভোটাৰ তালিকা...

ডিজিটেল ডেস্ক : নাগালেণ্ডত সমাগত বিধান সভা নিৰ্বাচন । অনা আনুষ্ঠানিক লোকপিয়ল অনুসৰি প্ৰায় ৩৯ লাখ লোকৰ বাসস্থান এই নাগালেণ্ড । ইয়াৰে প্ৰায় ১৩.৯ লাখ লোকে ভোটদান কৰিব আগন্তুক বিধান সভা নিৰ্বাচনত । ইয়াৰ ওপৰিও প্ৰায় ৩০ হাজাৰ নতুন ভোটাৰ চামিল হ'ল এই তালিকাত । ভাৰতৰ নিৰ্বাচনী কমিটিৰ শীৰ্ষ বিষয়া সকলে ৰাজ্যখনত প্ৰায় দুদিনীয়া ভ্ৰমণ সূচীৰে উপস্থিত হৈছিল শনিবাৰে । আৰু এই কাৰ্যসূচীৰ আধাৰতেই প্ৰকাশ হৈছিল ভোটাৰ তালিকাৰ এই তথ্য ।

Advertisment

এই সন্দৰ্ভত কহিমাত এক সংবাদ মেলত মুখ্য নিৰ্বাচনী বিষয়া গৰাকীয়ে মন্তব্য প্ৰদান কৰে যে, ইতিমধ্যেই দেশৰ বিভিন্ন প্ৰান্তত আগন্তুক নিৰ্বাচন সমূহ সুকলমে পালন কৰিবলৈ নিৰ্বাচনী কমিটিয়ে আয়োজন কৰিছিল বিভিন্ন কাৰ্যসূচীৰ । এই কাৰ্যসূচীৰেই ফলস্বৰূপে নাগালেণ্ডত ইতিমধ্যে ২৩১৫ টা ভোটদান কেন্দ্ৰ সৰ্বমুঠ ৬০ টা সমষ্টিত স্থাপন কৰা হৈছে ।

ইয়াৰ ওপৰিও মুখ্য নিৰ্বাচনী বিষয়া গৰাকীয়ে উল্লেখ কৰে যে, ৰাজ্যখনত এই নিৰ্বাচন কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত নোহোৱাকৈ অনুষ্ঠিত কৰিবলৈ সংকল্পবদ্ধ হৈছে নিৰ্বাচনী কমিটি । আনহাতে, বিষয়া গৰাকীয়েই উল্লেখ কৰে যে, এইবাৰৰ বিধান সভা নিৰ্বাচনত ৩০ হাজাৰ নতুন ভোটাৰে ভোটদান কৰিব ।

উল্লেখ্য যে, ৮০ আৰু ইয়াৰ উৰ্ধৰ ব্যক্তি সকলৰ বাবে নিজা বাসগৃহৰ পৰাই ভোটদানৰ ব্যৱস্থা কৰিছে নিৰ্বাচনী কমিটিয়ে ।

আৰু পঢ়ক : লামডিং ৰে’ল ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

nagaland election election commission