/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2018/08/election.jpg)
ডিজিটেল সংবাদ, ৱাখাঃ নাগালেণ্ড বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে সমগ্ৰ ৰাজ্যখনত আইন শৃংখলা অতি কটকটীয়া কৰি তোলাত তৎপৰ হৈ উঠিছে আৰক্ষী প্ৰশাসন । নাগালেণ্ডৰ আৰক্ষী আয়ুক্ত আৰু ডিমাপুৰৰ দণ্ডাধীশ কেভিথুটো ছফীয়ে ডিমাপুৰ, চুমুকেডিমা, আৰু নিউলেণ্ড জিলাৰ অন্তৰ্গত সকলো অস্ত্ৰ অনুজ্ঞাপত্ৰধাৰীক ১০ ফেব্ৰুৱাৰী বা তাৰ আগতে নিজৰ অনুজ্ঞাপত্ৰপ্ৰাপ্ত অস্ত্ৰসমূহ নিকটৱৰ্তী আৰক্ষী থানাত জমা দিবলৈ নিৰ্দেশ দিছে ।
ইফালে লংলেং , ৱাখা , মোককচাঙ ঝুনহবুট ফেক কিফিৰি নকলাক আৰু মন জিলাৰ অন্তৰ্গত সকলো অস্ত্ৰ অনুজ্ঞাপত্ৰধাৰীক চলিত মাহৰ ৩১ তাৰিখ বা তাৰ আগতে অনুজ্ঞাপত্ৰত দিয়া ঠিকনা অনুসৰি ওচৰৰ আৰক্ষী থানাত পৰীক্ষণৰ বাবে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই আদেশ মানি চলাত ব্যৰ্থ হ’লে অনুজ্ঞাপত্ৰধাৰীজনৰ বিৰুদ্ধে অস্ত্ৰ আইন, ১৯৫৯ৰ অধীনত গোচৰ চলাব আৰু অস্ত্ৰৰ অনুজ্ঞাপত্ৰ বাতিল হ’ব পাৰে জিলা প্ৰশাসনে অৱগত কৰিছে ।