ভাৰত-নগা ৰাজনৈতিক সমস্যাত আন্তঃৰাষ্ট্ৰীয় হস্তক্ষেপৰ আবেদন নাগা ষ্টুডেণ্ট ফেডাৰেচনৰ

ভাৰত-নগা ৰাজনৈতিক সমস্যা সমাধানৰ বাবে আন্তঃৰাষ্ট্ৰীয় হস্তক্ষেপৰ আবেদন নাগা ষ্টুডেণ্ট ফেডাৰেচনৰ।

author-image
Asomiya Pratidin
New Update
ভাৰত-নগা ৰাজনৈতিক সমস্যাত আন্তঃৰাষ্ট্ৰীয় হস্তক্ষেপৰ আবেদন নাগা ষ্টুডেণ্ট ফেডাৰেচনৰ

ডিজিটেল সংবাদ, বেকাজানঃ নতুন দিল্লীত জি-২০ শীৰ্ষ সন্মিলনত অংশ লোৱা বিশ্বব্যাপী নেতাসকলৰ প্ৰতি দীৰ্ঘদিনীয়া ভাৰত-নগা ৰাজনৈতিক সংঘাতৰ ন্যায্য আৰু গ্ৰহণযোগ্য সমাধানৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি হস্তক্ষেপৰ আবেদন জনাইছে নাগা ষ্টুডেণ্ট ফেডাৰেচনে। ‘ভাৰত-নগা’ শান্তি আলোচনাৰ বুজাবুজিৰ বাবে আন্তঃৰাষ্ট্ৰীয় সমাজলৈ আন্তৰিক আহ্বান জনাই এন এছ ইউ ডিয়ে দক্ষিণ-পূব এছিয়াৰ শান্তি আৰু স্থিতিশীলতাৰ ক্ষেত্ৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলোৱা দীৰ্ঘদিনীয়া ভাৰত-নগা ৰাজনৈতিক সমস্যা সমাধানৰ ক্ষেত্ৰত তাৎক্ষণিক হস্তক্ষেপৰ আহ্বান জনাইছে।

Advertisment

ঐতিহাসিক পৰিচয়ৰ মাজত গভীৰভাৱে শিপাই থকা এই সংঘাতৰ সাত দশকৰো অধিক সময় ধৰি নগা জনসাধাৰণে ৰাজনৈতিক সমস্যাৰ ফলত মানৱীয় জীৱন হেৰুৱাবলগীয়া হৈছে। নগা জনসাধাৰণে নিজৰ অনন্য সাংস্কৃতিক আৰু ৰাজনৈতিক পৰিচয়ৰ বাবে স্বীকৃতি বিচাৰি অহৰহ সংগ্ৰাম চলাই গৈছে । তথাপিও দশক দশক ধৰি চলি থকা আলোচনাৰ পিছতো চূড়ান্ত চুক্তি কৰাটো সম্ভৱ হৈ উঠা নাই।

এই অচলাৱস্থা কেৱল প্ৰত্যক্ষভাৱে নগাসকলৰ বাবেই চিন্তাৰ বিষয় নহয় বৰঞ্চ দক্ষিণ-পূব এছিয়াৰ শান্তি আৰু স্থিতিশীলতাৰ বাবেও এক বহল আঞ্চলিক আৰু বিশ্বব্যাপী ভাবুকিৰ সৃষ্টি কৰিছে। একে সময়তে আন্তঃৰাষ্ট্ৰীয় আত্মনিয়ন্ত্ৰণ আৰু সংঘাত সমাধানৰ নীতিসমূহক প্ৰত্যাহ্বান জনাইছে।

ভাৰত-নগা ৰাজনৈতিক আলোচনাৰ শান্তিপূৰ্ণ আৰু ন্যায্য সমাধানৰ সুবিধা প্ৰদান কৰাত আন্তঃৰাষ্ট্ৰীয় সমাজক সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। নগা ৰাজনৈতিক সংঘাতৰ মোকাবিলা কৰিবলৈ জি-২০ শীৰ্ষ সন্মিলনৰ বৈঠকত ভাৰত চৰকাৰৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় হেঁচা প্ৰয়োগ কৰা আৰু ৰাষ্ট্ৰীয় তত্বাৱধানত নিৰীক্ষণ আৰু জবাবদিহিতা নিশ্চিত কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় তদাৰকী ব্যৱস্থা স্থাপনৰ বাবে সংগঠনটোৱে বিশেষভাৱে আহ্বান জনাইছে ।

Also Read: দণ্ডাধীশ-অভিযন্তা-আৰক্ষীক তলা লগাই পলাল কৰ ফাঁকি দিয়া ব্যৱসায়ী

naga student federation