ডিজিটেল সংবাদ, নগাঁও: দণ্ডাধীশ, আৰক্ষী, চৰকাৰী কৰ্মচাৰীৰ এটি দলক ব্যৱসায়ীক প্ৰতিস্থানত তলা লগাই আবদ্ধ কৰা ঘটনা সংঘটিত হৈছে নগাঁও চহৰৰ হয়বৰগাঁৱত৷ প্ৰায় এঘণ্টা সময় নগাঁও পৌৰসভাৰ দণ্ডাধীশ তথা কাৰ্যবাহী বিষয়া শিল্পী ৰেখা পণ্ডিত, পৌৰসভাৰ কনিষ্ঠ অভিযন্তা, দুই আৰক্ষীকে ধৰি প্ৰায় দহজনীয়া এটি দলক আবদ্ধ কৰি ৰখা হয় 'দীপক আইৰন ষ্টোৰ' নামৰ প্ৰতিস্থানত৷ নগাঁও হয়বৰগাঁও টাউন আৰক্ষী চকীৰ সন্মূখতে থকা 'দীপক আইৰন ষ্টোৰ' নামৰ প্ৰতিস্থানটোৰ স্বতাধিকাৰীয়ে এনেদৰে চৰকাৰী বিষয়া, আৰক্ষী সমন্বিতে থকা দলটিক তলা লগাই আবদ্ধ কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ নগাঁও চহৰতে৷
জানিব পৰা মতে, নগাঁও পৌৰসভা এলেকাত বহু ব্যৱসায়ীয়ে পৌৰকৰ আদায় নিদিয়াকৈ ব্যৱসায় চলাই আছে৷ বৈধ ট্ৰেড লাইচেঞ্চ নোহোৱাকৈ 'দীপক আইৰন ষ্টোৰ' নামৰ প্ৰতিস্থানটোৱে ব্যৱসায় চলাই অহাৰ অভিযোগৰ ভিত্তিত শুকুৰবাৰে বিয়লি পৌৰসভাৰ কাৰ্যবাহী বিষয়াৰ নেতৃত্বত অভিযান চলোৱা হৈছিল ৷ এই অভিযানৰ সময়ত ব্যৱসায়ী প্ৰতিস্থানটোৰ স্বতাধিকাৰী নৰেন্দ্ৰ ৰথিয়া আৰু পুত্ৰ প্ৰিয়াংশু ৰথিয়াই ট্ৰেড লাইঞ্চেচ থকা বুলি কৈ অভিযানকাৰী দলটোক অপেক্ষা কৰিবলৈ কয় ৷ দলটোয়ে অপেক্ষা কৰাৰ পিছতে স্বতাধিকাৰীৰ নিৰ্দেশত প্ৰতিস্থানটোৰ কৰ্মচাৰীয়ে দলটোক তলা লগাই আবদ্ধ কৰি থয়৷
প্ৰায় এঘণ্টা ধৰি তলা বন্ধ কৰি ৰখাৰ পিছত কাৰ্যবাহী বিষয়া শিল্পী ৰেখা পণ্ডিতে নিজ তৎপৰতাৰে সন্ধিয়া দলটোক উদ্ধাৰ কৰি 'দীপক আইৰন ষ্টোৰ'ত তলা লগাই বিষয়টো আৰক্ষীক অবগত কৰে ৷ আৰক্ষীয়ে প্ৰিয়াংশু ৰথিয়া আৰু এজন কৰ্মচাৰীক আটক কৰি হয়বৰগাঁও টাউন আৰক্ষী থানত আবদ্ধ কৰি ৰাখি নিশা প্ৰায় ১ বজাত অভিয়ুক্ত দুজনক মুকলি কৰি দিয়ে।
অভিযোগ অনুসৰি 'দীপক আইৰন ষ্টোৰ'ৰ স্বতাধিকাৰী নৰেন্দ্ৰ ৰথিয়াই বৈধ ট্ৰেড লাইচেঞ্চ নোহোৱাকৈ ৫ খনকৈ প্ৰতিস্থান চলাই থকাৰ লগতে হয়বৰগাঁৱত এটা বৃহৎ গুদাম চলাই আছে৷ চৰকাৰক কৰ ফাকি দি ব্যৱসায় কৰা এনে ব্যৱসায়ীয়ে চৰকাৰী বিষয়া, আৰক্ষী, কৰ্মচাৰী দলক তলা বন্ধ কৰি আবদ্ধ কৰি ৰখাৰ পিছত নগাঁও আৰক্ষীৰ তদন্ত ক্ষীপ্ৰতৰ নোহোৱাটো ৰহস্যজনক বুলি উল্লেখ কৰিছে নগাঁৱৰ ৰাইজে ৷
উল্লেখ্য যে, দিনদিয়েক পূৰ্বে নগাঁও উপায়ুক্ত আৰু উপায়ুক্তৰ আত্মীয়ক হয়বৰগাঁৱতে নিশা অপদস্থ কৰা যুৱকক আৰক্ষীয়ে নমনীয় ব্যৱহাৰ কৰাৰ পিছত পুনৰ শুকুৰবাৰে মহিলা দণ্ডাধীশ, কনিষ্ঠ অভিযন্তা, আৰক্ষী, চৰকাৰী কৰ্মচাৰীক ব্যৱসায়ীয়ে তলা বন্ধ কৰি আবদ্ধ কৰাৰ পিছত আৰক্ষীয়ে নমনীয়া স্থিতি গ্ৰহণ কৰা ঘটনাক নগাঁৱৰ সচেতন লোকে সহজভাৱে গ্ৰহণ কৰা নাই ৷