এনডিপিপি-বিজেপি মিত্ৰজোঁটৰ চৰকাৰলৈ নগা পিপলছ ফ্ৰণ্টৰ সমৰ্থন...

নগা পিপলছ ফ্ৰণ্ট অৰ্থাৎ এন পি এফে এন ডি পি পি-বিজেপি মিত্ৰজোঁটৰ চৰকাৰলৈ সমৰ্থন পত্ৰ দাখিল কৰিছে।
মিত্ৰজোঁটৰ চৰকাৰলৈ নগা পিপলছ ফ্ৰণ্টৰ সমৰ্থন
মিত্ৰজোঁটৰ চৰকাৰলৈ নগা পিপলছ ফ্ৰণ্টৰ সমৰ্থন

ডিজিটেল সংবাদ, ৱাখাঃ নগা পিপলছ ফ্ৰণ্ট অৰ্থাৎ এন পি এফে এন ডি পি পি-বিজেপি মিত্ৰজোঁটৰ চৰকাৰলৈ সমৰ্থন পত্ৰ দাখিল কৰিছে। ক'হিমাৰ এন পি এফৰ কাৰ্যালয় অনুষ্ঠিত সংবাদমেলত বিধায়ক কুঝোলুজো আজো নিয়েনুৱে কয় যে, দলটোৱে কেৱল নগা ৰাজনৈতিক বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ নেতৃত্বাধীন চৰকাৰক সমৰ্থন পত্ৰখন দাখিল কৰিছে ।

তেওঁ লগতে কয় যে, তেওঁৰ দল বিৰোধী দলত বহাৰ বিপৰীতে তেওঁলোক বাবে চৰকাৰৰ অংশ হোৱাটোৱেই উত্তম বুলি ভাৱে । এন পি এফৰ বিধায়কগৰাকীয়ে নগা ৰাজনৈতিক সমস্যা সমাধানৰ বাবে প্ৰধানমন্ত্ৰী মোডী আৰু গৃহমন্ত্ৰী শ্বাহৰ সকলো নগা ৰাজনৈতিক সমস্যা সমাধানৰ প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰি পুনৰ কয় যে প্ৰধানমন্ত্ৰী মোডী আৰু শ্বাহে আলোচনাত খোজ দিয়াৰ সময় আহি পৰিছে ।

এন ডি পি পি-বিজেপি নেতৃত্বাধীন চৰকাৰলৈ কোনো দলকে আদৰণি নজনালে এন পি এফ আন দলৰ সৈতে একত্ৰিত হ’ব নেকি বুলি সোধাত বিধায়ক আচুম্বেমো কিকনে স্পষ্টভাৱে কয় যে এন পি এফ কেতিয়াও আন কোনো দলৰ সৈতে একত্ৰিত নহ’ব । লগতে তেওঁ কয় যে দলটোৱে পত্ৰ দিছে কেৱল নগা ৰাজনৈতিক বিষয়ৰ ওপৰত ভিত্তি কৰি সমৰ্থন দিছে ।

মিত্ৰজোঁটৰ চৰকাৰলৈ নগা পিপলছ ফ্ৰণ্টৰ সমৰ্থন
পুনৰ অসুৰক্ষিত প্ৰমাণ দিল্লীৰ ৰাজপথ, ৰাজহুৱা স্থানতেই প্ৰহাৰ যুৱতীক

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in