পুনৰ অসুৰক্ষিত প্ৰমাণ দিল্লীৰ ৰাজপথ, ৰাজহুৱা স্থানতেই প্ৰহাৰ যুৱতীক

পুনৰ অসুৰক্ষিত প্ৰমাণ দিল্লীৰ ৰাজপথ, ৰাজহুৱা স্থানতেই প্ৰহাৰ যুৱতীক

ডিজিটেল ডেস্ক : কেন্দ্ৰীয় অথবা ৰাজ্য চৰকাৰে যিমানেই দাবী নকৰক কিয়, দিল্লী যে নাৰীৰ বাবে সুৰক্ষিত নহয় সেই কথা বাৰে বাৰে প্ৰমাণ কৰি আহিছে দিল্লীৰেই নাগৰিকসকলে । কোনোবা দিনা যদি অপহৰণ, আন কোনোবা দিনা আকৌ যৌন আতিশয্যৰ দৰে ঘৃণনীয় কাণ্ড । মুঠতে নাৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত দিল্লীৰ লাজ লগা অৱস্থাক কোনেও নুই নকৰে ।

তেনে এক অনুৰূপ ঘটনাই সংঘটিত হ'ল দিল্লীৰ ৰাজপথত পুনৰ এবাৰ । দিল্লীৰ মংগলপুৰি উৰণীয় সেতুৰ সমীপত ঘটা এই ঘটনাৰ ভিডিঅ' ভাইৰেল হোৱাৰ পাছতেই দিল্লী আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।

উল্লেখ্য যে, উক্ত ভিডিঅ'টিত ৰাজহুৱা স্থানত, আন লোকৰ উপস্থিতিতেই এগৰাকী যুৱতীক এজন যুৱকে প্ৰহাৰ কৰি বলপূৰ্বক গাড়ীত বহিবলৈ চেষ্টা কৰোৱা পৰিলক্ষিত হৈছিল । তথ্য অনুসৰি, যুৱতী গৰাকীয়ে আন দুজন যুৱকৰ সৈতে অনলাইন টেক্সী বুক কৰিছিল ৰোহিনীৰ পৰা বিকাশপুৰীলৈ যাবৰ বাবে । কিন্তু যাত্ৰা পথত যুৱতী গৰাকীৰ সৈতে যুৱক দুজনৰ কোনো কথাত বাক বিতণ্ডাৰ সূত্ৰপাত হোৱাত যুৱতীগৰাকীয়ে গাড়ীৰ পৰা নামি আহিছিল । তাৰ পাছতেই যুৱকজনে বলপূৰ্বকভাৱে যুৱতীগৰাকীক গাড়ীত বহিবলৈ বাধ্য কৰোৱাৰ চেষ্টা কৰাৰ ওপৰিও প্ৰহাৰো কৰিছিল যুৱতীগৰাকীক ।

পুনৰ অসুৰক্ষিত প্ৰমাণ দিল্লীৰ ৰাজপথ, ৰাজহুৱা স্থানতেই প্ৰহাৰ যুৱতীক
অমৃতপাল সিং নহয়, সহযোগী হে গ্ৰেপ্তাৰ হৈছিল ! এতিয়াও পলাতক খালিস্তানৰ সমৰ্থক অমৃতপাল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in