ঘণ অৰণ্যত নাগা স্বাধীনতা দিৱস উদযাপন...

ঘণ অৰণ্যত নাগা স্বাধীনতা দিৱস উদযাপন...

author-image
Asomiya Pratidin
New Update
ঘণ অৰণ্যত নাগা স্বাধীনতা দিৱস উদযাপন...

ঘণ অৰণ্যত নাগা স্বাধীনতা দিৱস উদযাপন...

ডিজিটেল সংবাদ মৰিয়নিঃ যিসময়ত সমগ্ৰ দেশে ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতিত ব্যস্ত আছিল সেই সময়ত এই দেশৰ এখন হাবিৰ ঘন জংঘলত উদযাপিত হৈছিল নাগা স্বাধীনতা দিৱস। নাগালেণ্ডৰ বিদ্ৰোহী সংগঠন গভাৰ্ণমেণ্ট অফ দ্যা পিপলছ ৰিপাব্লিক অফ নাগালেণ্ডৰ হেভুট' বেটেলিয়ান কেম্পত উদযাপন কৰে ৭৭ সংখ্যক নাগালেণ্ড স্বাধীনতা দিৱস।

Advertisment

এই উপলক্ষে তেওঁলোকে উত্তোলন কৰে পৃথক পতাকা। এই পতাকা উত্তোলন কৰে মেম্বাৰ অফ কালেক্টিভ লিডাৰ আংয়াইখাম মাকুঙ্গাই। এই কাৰ্যসূচীত উপস্থিত থাকে সংগঠনটোৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া।

উল্লেখ্য যে, ভাৰতৰ পৰা ঔপনিৱেশিক শাসকগোষ্ঠী ব্ৰিটিছে বিদায় লোৱাৰ প্ৰাকক্ষণত ১৯৪৭ ৰ ১৪ আগষ্টৰ মাজনিশা নাগালোকসকলে ৰাষ্ট্ৰীয় স্বাধীনতা ঘোষণা কৰিছিল। সেয়েহে বিদ্ৰোহী সংগঠনটোৱে পূৰ্বৰ দৰে এইবাৰো ঘন অৰণ্যত এইদৰে উদযাপিত কৰিলে নাগা স্বাধীনতা দিৱস।

Also Read: বিজেপি সভাপতি ভৱেশ কলিতাই ওলোটাকৈ উত্তোলন কৰিলে ৰাষ্ট্ৰীয় পতাকা...

নাগা স্বাধীনতা দিৱস