বিজেপি সভাপতি ভৱেশ কলিতাই ওলোটাকৈ উত্তোলন কৰিলে ৰাষ্ট্ৰীয় পতাকা...

বিজেপি সভাপতি ভৱেশ কলিতাই ওলোটাকৈ উত্তোলন কৰিলে ৰাষ্ট্ৰীয় পতাকা...

author-image
Asomiya Pratidin
New Update
বিজেপি সভাপতি ভৱেশ কলিতাই ওলোটাকৈ উত্তোলন কৰিলে ৰাষ্ট্ৰীয় পতাকা...

বিজেপি সভাপতি ভৱেশ কলিতাই ওলোটাকৈ উত্তোলন কৰিলে ৰাষ্ট্ৰীয় পতাকা...

ডিজিটেল ডেস্কঃ স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰাৰ সময়ত পুনৰ অথন্তৰ বিজেপিৰ সভাপতিৰ লগত। পুনৰ বিজেপি সভাপতিয়ে ওলোটাকৈ উত্তোলণ কৰিলে ৰাষ্ট্ৰীয় পতাকা।

সমগ্ৰ দেশত আজি ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। সেই অনুসৰি গুৱাহাটীৰ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়তো ৰাষ্ট্ৰীয় পতাকা উত্তোলণ কৰি স্বাধীনতা দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।

পুৱা অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত অথন্তৰ। শাসকীয় দলটোৰ মুখ্য কাৰ্যালয়তে ৰাষ্ট্ৰীয় পতাকাক চৰম অসন্মান কৰি উত্তোলন কৰিলে ওলোটাকৈ। দলটোৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই পতাকা উত্তোলন কৰাৰ কিছু সময়ৰ পাছতহে এই চৰম অপমানজনক কথাটো অনুভৱ কৰে পতাকা উত্তোলনস্থলীত উপস্থিত লোকসকলে।

ইয়াৰ পাছতে উত্তোলন কৰা পতাকাখন পুনৰ নমাই দ্বিতীয়বাৰৰ বাবে উত্তোলন কৰে। এই অনুষ্ঠানত বিজেপি সভাপতিগৰাকীৰ লগতে দলটোৰ বহু কেইজন নেতা কৰ্মী উপস্থিত আছিল।

উল্লেখ্য যে, বিজেপি সভাপতিৰ সৈতে হোৱা এনে অথন্তৰ এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও বিজেপিৰ সভাপতিৰ লগত সংঘটিত হৈছে এনে অথন্তৰ। ওলোটাকৈ উত্তোলন কৰিছে পতাকা।

Also Read: লালকিল্লাৰ পৰা মোডীয়ে দিলে দেশবাসীক গেৰাণ্টীঃ হ্ৰাস হ'ব মূল্যবৃদ্ধি...

বিজেপি ভৱেশ কলিতা