ভাৰত-ম্যানমাৰ সীমান্তত ম্যানমাৰ সামৰিক বাহিনীৰ বিমান আক্ৰমণ: মিজোৰামত ৰেড এলাৰ্ট

ভাৰত-ম্যানমাৰ সীমান্তত ম্যানমাৰ সামৰিক বাহিনীৰ বিমান আক্ৰমণ: মিজোৰামত ৰেড এলাৰ্ট

ডিজিটেল সংবাদ, বেকাজানঃ মিজোৰামৰ ভাৰত-ম্যানমাৰ সীমান্তত ম্যানমাৰৰ সামৰিক বাহিনীয়ে মঙলবাৰে শ্বিনলেণ্ড গণতন্ত্ৰ সমৰ্থক  প্ৰতিৰক্ষা বাহিনীৰ বিৰুদ্ধে চলোৱা বিমান আক্ৰমণৰ ফলত তীব্ৰ উত্তেজনা বৃদ্ধি পাইছে। বিমান আক্ৰমণৰ পৰা হাত সাৰিবলৈ প্ৰায় ৪ হেজাৰ লোকে মিজোৰামলৈ পলায়ন কৰিছে। আনহাতে বিদ্ৰোহীসকল ভাৰতত প্ৰৱেশ কৰা সম্ভাৱনা প্ৰতি লক্ষ্য ৰাখি মিজোৰামৰ চাম্পাই জিলা ৰেড এলাৰ্টত জাৰি কৰা হৈছে ।

প্ৰাপ্ত খবৰ অনুসৰি  ম্যানমাৰ সেনাবাহিনীয়ে গণতন্ত্ৰ সমৰ্থক শক্তি শ্বিনলেণ্ড প্ৰতিৰক্ষা বাহিনী (চিডিএফ)ৰ সৈতে তীব্ৰ সংঘৰ্ষত লিপ্ত হৈছে। সোমবাৰে মিজোৰামৰ জোখোৱাথাৰ গাঁৱৰ পৰা মাত্ৰ ৪ কিলোমিটাৰ দূৰত্বত থকা ৰিহখোৱাদাৰ গাঁৱৰ সমীপত ম্যানমাৰ সেনাৰ জেট যুঁজাৰু বিমানে দুটা বোমা নিক্ষেপ কৰে।  উল্লেখযোগ্য যে শ্বিনলেণ্ড বিদ্ৰোহী প্ৰতিৰোধী বাহিনী ৰিহখোৱাদাৰ গাঁৱৰ ম্যানমাৰ সেনাৰ এটা শিবিৰ নিয়ন্ত্ৰণ কৰাৰ খবৰ পোৱাৰ পিছতে দুয়ো পক্ষৰ মাজত সংঘাতৰ সূচনা হয়।

ম্যানমাৰ সেনাই  মঙলবাৰে কৰা প্ৰতিশোধমূলক বিমান আক্ৰমণৰ ফলত মিজোৰামৰ সমীপৱৰ্তী ভাৰত-ম্যানমাৰ সীমান্ত উত্তপ্ত হৈ পৰে। শ্বিনলেণ্ড প্ৰতিৰোধী বাহিনী আৰু ম্যানমাৰ সেনাৰ মাজত বৰ্তমানেও তীব্ৰ গুলীয়াগুলী অব্যাহত আছে । অৱশ্যে এই সংঘৰ্ষত সীমান্তৰ ভাৰতীয় পক্ষত কোনো ধৰণৰ ক্ষয়-ক্ষতিৰ বাতৰি পোৱা নাই।

এই সংঘৰ্ষৰ সন্দৰ্ভত মিজোৰামৰ চম্পাইৰ উপ আয়ুক্ত জেমছ লালৰিঞ্চানাই কয় যে, দেওবাৰে সন্ধিয়াৰ পৰা  যুদ্ধ আৰম্ভ হৈছিল  আৰু পুৱতি নিশালৈকে চলিছিল।  ভাৰত-ম্যানমাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰতো বোমা বিস্ফোৰণৰ খবৰ আহিছে যদিও ভাৰতীয় পক্ষৰ পৰা কোনো ক্ষতি হোৱা নাই। ইফালে সীমান্তত উত্তেজনা সৃষ্টি হোৱাৰ লগে লগে মিজোৰাম চৰকাৰে পুনৰবাৰ শৰণাৰ্থীৰ বাবে দুৱাৰ মুকলি কৰিছে। ইতিমধ্যে মিজোৰামত ১০০০ৰো অধিক  ম্যানমাৰৰ নাগৰিকে আশ্ৰয় বিচাৰিছে । বৰ্তমানলৈ সীমান্তৰ সিপাৰৰ পৰা প্ৰায় ৪০০০ৰ পৰা ৫০০০ লোক ভাৰতত সোমাইছে বুলিও তেওঁ কয়।

বোমা বিস্ফোৰণ আৰু বন্দুকৰ যুদ্ধৰ সময়ত হোৱা আঘাতৰ বাবে মহিলা আৰু শিশুকে ধৰি কমেও ১৭ জনক ইতিমধ্যেই চম্পাইৰ জিলা চিকিৎসালয়ত  চিকিৎসা কৰি থকা হৈছে। উল্লেখযোগ্য যে ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত ম্যানমাৰ সামৰিক অভ্যুত্থানৰ পিছৰে পৰা মিজোৰামত শৰণাৰ্থীৰ ভিৰ বৃদ্ধি পাইছে।  মিজোৰামৰ তথ্য আৰু জনসংযোগ মন্ত্ৰী লালৰুআটকিমাই কয় যে ম্যানমাৰ আৰু বাংলাদেশৰ চট্টগং পাৰ্বত্য অঞ্চলৰ প্ৰায় ৬০ হাজাৰ শৰণাৰ্থী বৰ্তমান মিজোৰামত বাস কৰি আছে। 

ভাৰত-ম্যানমাৰ সীমান্তত ম্যানমাৰ সামৰিক বাহিনীৰ বিমান আক্ৰমণ: মিজোৰামত ৰেড এলাৰ্ট
দুলীয়াজানৰ গেছ পৰিবাহী পাইপ লাইনত অগ্নিকাণ্ড

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in