/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/ddda3f4a-88c0-4e4c-8213-ef7711c65a71/fdg.jpg)
ডিজিটেল ডেস্কঃ গৃহ যুদ্ধৰে জৰ্জৰিত চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰ। জান্তা বিৰোধী গোটে সেনা শিবিৰ দখল কৰাৰ পাছতেই একাংশ সেনাই পলায়ন কৰিছে মিজোৰামলৈ। মিজোৰাম আৰক্ষীয়ে জনোৱা অনুসৰি নতুনকৈ ২৯ জন সৈনিক ম্যানমাৰৰ পৰা পলায়ন কৰি উপস্থিত হয় মিজোৰামত।
পিপলছ ডিফেন্স ফ'ৰ্চৰ (পিডিএফ) ৰ সৈতে গুলীবৰ্ষণৰ পাছত প্ৰায় ৭৪ জন সৈনিকে পলায়ন কৰি মিজোৰামত উপস্থিত হৈছিল। ইতিমধ্যে ইয়াৰে কিছুমানক ৰাষ্ট্ৰখনলৈ ঘূৰাই পঠিওৱা হৈছে।
আৰক্ষীয়ে জনোৱা অনুসৰি পলায়ন কৰি অহা ৪৫ জন সৈনিকক মঙলবাৰে ম্যানমাৰৰ সামৰিক চৰকাৰক গতাই দিয়া হৈছিল। ভাৰতে বৃহস্পতিবাৰে আন্তঃৰাষ্ট্ৰীয় সীমান্তত ম্যানমাৰৰ সামৰিক আৰু জান্তা বিৰোধী গোটসমূহৰ মাজত সংঘৰ্ষ বন্ধ কৰিবলৈ আহ্বান জনায়।কিয়নো ইয়াৰ ফলত মিজোৰামলৈ ম্যানমাৰৰ লোকৰ অনুপ্ৰৱেশ বৃদ্ধি পাইছে।
উল্লেখ্য যে, ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত সেনাৰ দ্বাৰা ম্যানমাৰ দখল কৰাৰ পাছৰে পৰা দেশখনত গণতন্ত্ৰ পুনৰুদ্ধাৰৰ বাবে অহৰহ আন্দোলন চলি আছে। ম্যানমাৰ সেনাই এনে লোকসকলৰ ওপৰত বিভিন্ন সময়ক আক্ৰমণ চলাইও আহিছে। ম্যানমাৰত হৈ থকা গৃহযুদ্ধৰ ফলত কিছু পৰিমাণে ভাৰতো প্ৰভাৱিত হয়। কিয়নো ২০২১ চনৰ পৰা বৰ্তমানলৈ প্ৰায় ৩১,০০০ তকৈ অধিক লোক ম্যানমাৰৰ পৰা আহি মিজোৰামত থিতাপি লৈছে।
Also Read: পুৱাৰে পৰা আৰম্ভ মধ্য প্ৰদেশ আৰু চত্তীশগড়ৰ বিধানসভা নিৰ্বাচন