পুৱাৰে পৰা আৰম্ভ মধ্য প্ৰদেশ আৰু চত্তীশগড়ৰ বিধানসভা নিৰ্বাচন

পুৱাৰে পৰা আৰম্ভ মধ্য প্ৰদেশ আৰু চত্তীশগড়ৰ বিধানসভা নিৰ্বাচন

author-image
Asomiya Pratidin
New Update
ৰাজ্যসভা নিৰ্বাচনৰ দিন ঘোষণা

ডিজিটেল ডেস্কঃ শুকুৰবাৰে পুৱাৰ পৰা দেশৰ দুই ৰাজ্যত অনুষ্ঠিত বিধানসভা নিৰ্বাচন। ইতিমধ্যে পুৱা ৭ বজাৰ পৰা মধ্য প্ৰদেশত আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ইয়াৰ বিপৰীতে পুৱা ৮ বজাৰ পৰা চত্তীশগড়ত আৰম্ভ হ'ব ভোটগ্ৰহণ।

Advertisment

মধ্য প্ৰদেশৰ ২৩০ খন আৰু চত্তীশগড়ৰ ৭০ খন আসনৰ বাবে অনুষ্ঠিত হ'ব ভোট গ্ৰহণ। চত্তীশগড়ৰ এয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ৭ নৱেম্বৰত ২০ খন আসনৰ বাবে অনুষ্ঠিত হৈছিল।

মধ্য প্ৰদেশৰ বিধানসভা নিৰ্বাচনত মুঠ ২৫৩৩ জন প্ৰাৰ্থীৰ আজি ভাগ্য নিৰ্ণয় হ'ব। আনহাতে ছত্তীশগড়ত মুঠ ৯৫৮ জন প্ৰাৰ্থীয়ে ভাগ্য পৰীক্ষাৰ এই যুঁঁজত অৱতীৰ্ণ হ'ব।

চত্তীশগড়ত ২২ খন জিলাত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচন সন্ধিয়া ৫ বজালৈ চলিব। উল্লেখ্য যে, ৰাজ্যখনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ সময়ত কেইবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা দেখা গৈছিল।

ছত্তীশগড়ৰ ৭০ খন আসনৰ ভিতৰত ৯ খন এছচি আৰু ১৭ খন এছটিৰ বাবে সংৰক্ষিত। ৭০ খন আসনত মুঠ ১.৬৩ কোটি ভোটাৰ আছে, যাৰ ভিতৰত ৮১.৪২ লাখ পুৰুষ ভোটাৰ আৰু ৮১.৭২ লাখ মহিলা ভোটাৰ। আনহাতে তৃতীয় লিংগৰ ৬৮৪ জন ভোটাৰ আছে।

এই দুয়োখন ৰাজ্যতে বিজেপি আৰু কংগ্ৰেছৰ মাজত যুঁজ হোৱাৰ সম্ভাৱণা আছে। দুয়োটা দলেই জয়ী হব বুলি দাবী কৰিছে। এই নিৰ্বাচনৰ ফলাফল ৩ ডিচেম্বৰত ঘোষণা হ'ব।

Also Read: নগাঁও প্ৰেছ ক্লাবত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

election chattisgarh madhyapradesh