মণিপুৰত বুজন পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ

মণিপুৰত বুজন পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ

ডিজিটেল সংবাদ, শিলচৰ: অশান্ত জৰ্জৰ মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান বৰ্তমানেও অব্যাহত আছে। বিগত ২৪ ঘন্টাত মনিপুৰৰ ইম্ফল-পশ্চিম, ইম্ফল-পূব, থৌবাল,কাকচিং , বিষ্ণপুৰ আৰু কাঙপোকপি জিলাৰ বিভিন্ন অঞ্চলত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে বুজন পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিছে।

অভিযান কালত চুড়াচান্দপুৰ, ইম্ফল-পূব আৰু থৌবাল জিলাৰ পৰা জব্দ কৰা হয় মাৰণাস্ত্ৰসমূহ। মনিপুৰ আৰক্ষীয়ে সদৰি কৰা মতে, অভিযান কালত ১০ টা মাৰণাস্ত্ৰ, ২ টা স্থানীয় নিৰ্মিত পম্পি বন্দুক, বিভিন্ন মাৰণাস্ত্ৰৰ ১৮ টা সতেজ গুলি আৰু ৩ টা বিস্ফোৰক জব্দ কৰা হৈছে।

অভিযান কালত থৌবাল জিলাত ১টা বাংকাৰো ধ্বংস কৰা হয়। অবৈধ মাৰণাস্ত্ৰৰ সৰবৰাহ ৰোধ কৰিবলৈ নিৰাপত্তা বাহিনীয়ে মনিপুৰৰ ১২৮ স্থানত নাকা চেকিং স্থাপন কৰি যান-বাহনসমূহত তন্ন তন্নকৈ তালাচী চলাইছে।

মণিপুৰত বুজন পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ
জাগীৰোডত অবৈধ প্ৰেমৰ পৰিণতিত প্ৰাণ গল স্বামীৰঃ পত্নীসহ ৩ জনক গ্ৰেপ্তাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in