জাগীৰোডত অবৈধ প্ৰেমৰ পৰিণতিত প্ৰাণ গল স্বামীৰঃ পত্নীসহ ৩ জনক গ্ৰেপ্তাৰ

জাগীৰোডত অবৈধ প্ৰেমৰ পৰিণতিত প্ৰাণ গল স্বামীৰঃ পত্নীসহ ৩ জনক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, মায়ংঃ জাগীৰোডৰ শিলভঙাত বুধবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড। এই হত্যাকাণ্ডত মৃত্যু হোৱা লোকজনৰ নাম আছাদুৰ ৰহমান। পৰকীয়া প্ৰেমৰ পৰিণতিতে এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি আছাদুৰৰ পত্নীৰ অবৈধ প্ৰেমিক চফিকুল ৰ সতে মিলিত হৈ হত্যা কৰা হৈছিল আছাদুৰক। আৰক্ষীৰ পৰা পোৱা খবৰ মতে, স্বামী আছাদুৰ ৰহমানক নিশাৰ ভাগত নিচাজাতীয় দ্ৰব্য সেৱন কৰাই প্ৰথমে নেলীৰ ফালে লৈ গৈছিল আৰু তাৰ পাছতে চফিকুল, ফিৰুজা আৰু গাড়ীৰ চালক ৰন্টু বৰদলৈয়ে মিলি গাড়ীৰ ভিতৰতে হত্যা কৰিছিল আছাদুৰ ৰহমানক।

উক্ত হত্যাকাণ্ডক দুৰ্ঘটনাৰ ৰূপ দিবলৈ মৃতদেহটো ৰাষ্ট্ৰীয ঘাইপথৰ কাষত পেপাৰ মিল এলেকাত পেলাই থৈছিল যদিও আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানতে সকলো তথ্য পোহৰলৈ আহে। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুন প্ৰকাশ তিৱাৰীৰ নিৰ্দেশত আৰক্ষীৰ দল এটা ঘটনাস্থলিত উপস্থিত হৈ মৃতদেহ প্ৰত্যক্ষ কৰে আৰু সন্দেহ ঘনীভূত হোৱাত তদন্ত খৰটকীয়া কৰি বুধবাৰে নিশাৰ ভাগতেই গ্ৰেপ্তাৰ কৰে আছাদুৰ ৰহমানৰ পত্নী ফিৰ’জা খাতুন আৰু ফিৰুজাৰ অবৈধ প্ৰেমিক চফিকুল ইছলামক।

বুধবাৰে নিশাই হত্যাকাণ্ডত ব্যৱহাৰ হোৱা গাড়ীখনৰ চালক ৰন্টু বৰদলৈকো আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। এই ঘটনাই সমগ্ৰ জাগীৰোড অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে।

ইতিমধ্যেই মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। আনহাতে হত্যাকাৰী ফিৰুজা, চফিকুল আৰু ৰন্টু বৰদলৈক গ্ৰেপ্তাৰ কৰি মাৰাথান জেৰা অব্যাহত ৰাখিছে।

সূত্ৰমতে পোৱা তথ্য অনুসৰি হত্যাকাৰী চফিকুল আৰু ফিৰুজাৰ প্ৰেম বিগত ছয় বছৰ ধৰি চলি আছিল। চফিকুল এটা ৰাজনৈতিক দলৰ এজন সক্ৰিয় কৰ্মী। নিজ পত্নী আৰু তিনি গৰাকী কন্যা সন্তান থকাৰ পিছতো ফিৰুজাৰ প্ৰেমত মচগুল হৈ দাদাগিৰি কৰি ফুৰিছিল। এমাহ পূৰ্বে তিনি নম্বৰ কন্যা সন্তান জন্ম হোৱাৰ পিছতেই শিশুটিক বিহ খুৱাই হত্যা কৰাৰ অপচেষ্টা কৰা বুলি চফিকুল ৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। অৱ্শ্যে মাতৃ আৰু পত্নীৰ বাবে শিশু টি ৰক্ষা পৰিছিল বুলি এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে।

আনহাতে মৃত আছাদুৰ এজন সাধাৰণ খৰিকটীয়া আছিল। আছাদুৰৰো আছিল তিনিটাকৈ সন্তান। আছাদুৰৰ স্বভাৱ চৰিত্ৰ যথেষ্ট ভাল আছিল বুলি স্থানীয় লোকৰ পৰা জানিব পৰা গৈছে। বৰ্তমান জাগীৰোড শিলভঙা অঞ্চলত এই জঘন্য ঘটনাটোক লৈ বিভিন্ন জনে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে আৰু হত্যাকাৰীক ফাচি দিয়াৰ দাবী তুলিছে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in