/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/61ca2800-2632-434d-b410-9f16f2449342/imphal_22.jpg)
পুনৰ উত্তপ্ত ইম্ফলঃ ৫ যুৱকৰ মুক্তিৰ দাবীত বিক্ষোভ, আৰক্ষীৰে সংঘৰ্ষ...
ডিজিটেল ডেস্ক: পুনৰ উত্তপ্ত হৈ পৰিছে ইম্ফল। ৫ জনকৈ যুৱকৰ মুক্তিৰ দাবীত বিগত কিছুদিন ধৰি মণিপুৰৰ ৰাজধানী ইম্ফলৰ বিভিন্ন স্থানত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ৭ টাকৈ সংগঠনে। ইম্ফলৰ মহিলা সংগঠন আৰু ৬ টাকৈ স্থানীয় ক্লাবৰ নেতৃত্বত পূৱ আৰু পশ্চিম ইম্ফল থানাৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰি আহিছে এই সংগঠন কেইটাই।
মেইটেই সম্প্ৰদায়ৰ এই সংগঠন কেইটাৰ নেতৃত্বত হাজাৰৰো অধিক লোকে বিক্ষোভ প্ৰদৰ্শন অব্যাহত ৰখাৰ মাজতে বৃহস্পতিবাৰে এই বিক্ষোভে চৰম পৰ্যায়ত উপনীত হয়। বিক্ষোভকাৰীসকলে থানা ঘেৰাও কৰি আক্ৰমণৰ চেষ্টা কৰে।
আৰক্ষীৰ অভিযোগ অনুসৰি শ শ বিক্ষোভকাৰীয়ে পূৱ ইম্ফল আৰু পশ্চিম ইম্ফলৰ কেইবাখনো থানা ঘেৰাও কৰে। কেৱল সেয়াই নহয়, বিক্ষোভকাৰীসকলে জোৰ কৰি থানাত প্ৰৱেশৰো চেষ্টা চলাই।
পূৱ ইম্ফলৰ আণ্ড্ৰো আৰু পোৰামপাত থানাত বিক্ষোভকাৰীসকলে আক্ৰমণ চলায়। আনহাতে পশ্চিম ইম্ফলৰ ছিংজামেই, কোৱাকেইথেল আৰু মায়াঙত কেইবাখনো আৰক্ষী চকীত আক্ৰমণ কৰিছে বিক্ষোভকাৰীসকলে।
এনে পৰিস্থিতিত আৰক্ষীয়ে পৰিস্থিতি চম্ভালিবলৈ কন্দুৱা গেছ নিক্ষেপ কৰে। আৰক্ষী আৰু বিক্ষোভকাৰী দুয়ো পক্ষৰে সংঘৰ্ষত ১৫ জন লোক আহত হৈছে বুলি জানিব পৰা গৈছে।
ইফালে এই উত্তপ্ত পৰিস্থিতি ইম্ফলৰ আন আন প্ৰান্তলৈ যাতে বিয়পি নপৰে তাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। পূৱ আৰু পশ্চিম ইম্ফলত কাৰ্ফিও জাৰি কৰা হৈছে। পথৰ মাজত দেখা গৈছে সুৰক্ষাকৰ্মীৰ তহল।
উল্লেখ্য যে, শনিবাৰে ৫ সশস্ত্ৰ যুৱকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। তাৰ পাছৰ পৰাই পুনৰ অশান্ত হৈ পৰিছে ৰাজধানী ইম্ফলৰ উপৰিও মণিপুৰৰ আন কিছু অঞ্চল।মেইটেইসকলৰ দাবী যি ৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকে গাওঁৰক্ষক তথা স্বেচ্ছাসেৱক।
কিন্তু আৰক্ষীয়ে তেওঁলোকক বিদ্ৰোহী সংগঠনৰ সদস্য বুলি দাবী কৰি গ্ৰেপ্তাৰ কৰিছে। এই যুৱক কেইজনৰ মুক্তিৰ দাবীত মঙ্গলবাৰে ইম্ফলত ৪৮ ঘণ্টীয়া বন্ধৰ ঘোষণা কৰা হৈছিল।
সেই বন্ধৰ প্ৰভাৱ সৰ্বাত্মক আছিল ইম্ফলত। ইয়াৰ পাছতে বৃহস্পতিবাৰে ইম্ফলৰ থানাসমূহ ঘেৰাও কৰাৰ কাৰ্যসূচী ঘোষণা কৰা হৈছিল। সেই কাৰ্যসূচীৰ মাজতে উত্তপ্ত হৈ পৰে ইম্ফলত।
Also Read: এছিয়ান গেমছত ৭ অসম সন্তান : গুৱাহাটী প্ৰেছ ক্লাৱৰ শুভেচ্ছাৰে 'RUN FOR PRIDE'