এছিয়ান গেমছত ৭ অসম সন্তান : গুৱাহাটী প্ৰেছ ক্লাৱৰ শুভেচ্ছাৰে 'RUN FOR PRIDE'

এছিয়ান গেমছত ৭ অসম সন্তান : গুৱাহাটী প্ৰেছ ক্লাৱৰ শুভেচ্ছাৰে 'RUN FOR PRIDE'

ডিজিটেল ডেস্ক : এছিয়া গেমছ অভিমুখী ৭ অসম সন্তান লৈ গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত অভিনৱ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ২৩ ছেপ্তেম্বৰ শনিবাৰৰ পৰা হ'ব লগা এছিয়ান গেমছ ২৩ত ৭গৰাকীকৈ অসম সন্তানে ভাৰতক প্রতিনিধিত্ব কৰিব।

ৰাজ্যখনৰ ক্রীড়াক্ষেত্রৰ এনে এক শুভক্ষণত তেওঁলোকলৈ শুভেচ্ছা জনাই গুৱাহাটী প্রেছ ক্লাবৰ তৰফৰ পৰা ‘RUN FOR PRIDE’ শীৰ্ষক এক কাৰ্যসূচী হাতত লোৱা হৈছে। ২৩ ছেপ্টেম্বৰৰ পুৱা ৬ বজাত গুৱাহাটী প্রেছ ক্লাবৰ পৰা আৰম্ভ হ’বলগীয়া সমূহীয়া দৌৰ কাৰ্যসূচী নেহৰু ষ্টেডিয়াম হৈ পুনৰ প্রেছ ক্লাবত অন্ত পৰিব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে।

সেয়েহে উক্ত অনুষ্ঠানত গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিগৰাকী সদস্যৰ লগতে সাংবাদিক আৰু সংবাদকৰ্মী তথা সতীৰ্থৰ উপস্থিতি কামনা কৰিছে। উল্লেখযোগ্য যে এইবাৰ এছিয়ান গেমছত শিৱ থাপা,লাভলীনা বৰগোহাঁই,অস্মিতা চলিহা,শিৱাংগী শৰ্মা,উমা চেত্ৰী,অম্লান বৰগোহাঁই আৰু প্ৰিয়া দেৱীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

এছিয়ান গেমছত ৭ অসম সন্তান : গুৱাহাটী প্ৰেছ ক্লাৱৰ শুভেচ্ছাৰে 'RUN FOR PRIDE'
গৌৰৱৰ ক্ষণঃ দেশৰ শ্ৰেষ্ঠ পৰ্যটন গাওঁ হিচাপে স্বীকৃত বিশ্বনাথ ঘাট...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in