দ' খাৱৈত বাগৰি পৰিল বাহন, প্ৰাণ হেৰুৱালে দুজনে, আহত ৪ জন

দ' খাৱৈত বাগৰি পৰিল বাহন, প্ৰাণ হেৰুৱালে দুজনে, আহত ৪ জন

ডিজিটেল ডেস্কঃ চুবুৰীয়া ৰাজ্য মিজোৰামৰ ভাইৰেন্টিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । নিয়ন্ত্ৰণ হেৰুৱাই দ' খাৱৈত বাগৰি পৰিল এখন বলেৰো পিকআপ বাহন । জানিব পৰা মতে, শিলচৰ পৰা কেইবাজনো শ্ৰমিক লৈ মিজোৰামৰ উদ্দেশ্যে ৰওনা হৈছিল এখন বলেৰো পিকআপ বাহন ।

মিজোৰামৰ ভাইৰেন্টিত যোৱাৰ পাছত শ্ৰমিক বোজাই বাহন খন হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় ৩৫০ ফুট দ' খাৱৈত বাগৰি পৰে । ফলত ঘটনাস্থলীত মৃত্যু হয় দুই শ্ৰমিকৰ । লগতে গুৰুতৰ আহত হয় চাৰিজনকৈ শ্ৰমিক । আহত সকলক স্থানীয় লোক সকলে ততাতৈয়াকৈ উদ্ধাৰ কৰি হাস্পতালত প্ৰেৰণ কৰে ।

মৃত দুই শ্ৰমিক- কাছাৰৰ লক্ষীপুৰ চিৰিপাৰৰ চাদ্দাম হুছেইন আৰু মণিপুৰ ৰাজ্যৰ বিষ্ণুপুৰৰ গুলমেই গাইলেনগাম । 

দ' খাৱৈত বাগৰি পৰিল বাহন, প্ৰাণ হেৰুৱালে দুজনে, আহত ৪ জন
মাত্ৰ ১ টা দিন বাকী, কাইলৈ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in