মাত্ৰ ১ টা দিন বাকী, কাইলৈ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা

মাত্ৰ ১ টা দিন বাকী, কাইলৈ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা

ডিজিটেল ডেস্কঃ মাজত মাত্ৰ ১ টা দিন বাকী। কাইলৈ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব। ইতিমধ্যে সজাই-পৰাই তোলা হৈছে ৰাম নগৰী। দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তই আহি ভিৰ কৰিছে অযোধ্যা।

'প্ৰাণ প্ৰতিষ্ঠ' অনুষ্ঠানৰ বাবে অযোধ্যাৰ ৰাম মন্দিৰ ফুল আৰু বিশেষ পোহৰেৰে সজ্জিত কৰা হৈছে। মন্দিৰটো সজাবলৈ বিশেষ ফুলৰ ডিজাইন প্ৰস্তুত কৰা হৈছে। জানিব পৰা মতে সকলোবোৰ সতেজ ফুল আৰু শীতকালৰ বাবে সেইবোৰ দীঘলীয়া সময়লৈ সতেজ হৈয়ে থাকিব। এই ফুলবোৰৰ সুবাস আৰু সৌন্দৰ্যই মন্দিৰৰ শোভা আৰু বৃদ্ধি কৰিছে।

বৃহস্পতিবাৰে মন্দিৰৰ গৰ্ভগৃহত ভগৱান ৰামৰ এটা নতুন মূৰ্তি স্থাপন কৰা হৈছিল। মহীশূৰস্থিত ভাস্কৰ্যশিল্পী অৰুণ যোগীৰাজৰ দ্বাৰা নিৰ্মিত ৫১ ইঞ্চিৰ ৰাম লাল্লাৰ মূৰ্তিটো ট্ৰাকত অনা হৈছিল।

মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে বহু নীতি নিয়ম ইতিমধ্যে সম্পন্ন হৈ গৈছে। কেইবাখনো পূজা কৰা হৈছে। এতিয়া মাত্ৰ কাইলৈৰ বাবে অপেক্ষা। ২২ জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা হ'ব ৰাম মন্দিৰৰ।

মাত্ৰ ১ টা দিন বাকী, কাইলৈ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা
সাজু ৰাম নগৰীঃ ২২,০০০ বাহন পাৰ্কিঙৰ ব্যৱস্থা, ড্ৰোণেৰে কৰিব নিৰীক্ষণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in