ভয়ংকৰ পথ দুৰ্ঘটনাত ৫ জনৰ মৃত্যু, আহত কেইবাজনো...

মিজোৰামত এক শোকাবহ পথ দুৰ্ঘটনাত পাঁচজন লোকৰ মৃত্যু হোৱাৰ লগতে ৩ জন লোক গুৰুতৰভাৱে আহত হয় ।
ভয়ংকৰ পথ দুৰ্ঘটনাত ৫ জনৰ মৃত্যু, আহত কেইবাজনো...

ডিজিটেল সংবাদ ৱাখা: মিজোৰামত এক শোকাবহ পথ দুৰ্ঘটনাত পাঁচজন লোকৰ মৃত্যু হোৱাৰ লগতে ৩ জন লোক গুৰুতৰভাৱে আহত হয় । এই মৰ্মান্তিক ঘটনাত সংঘটিত হয় শুকুৰবাৰে পুৱা ৩ বজাত মিজোৰামৰ চাম্পাই জিলাত।

পথ দুৰ্ঘটনাত এগৰাকী মহিলাসহ কমেও পাঁচজন লোকৰ মৃত্যু হয়। । প্ৰাপ্ত খবৰ অনুসৰি জোখোৱাথাৰ-আইজল পথত এখন কেবে নিয়ন্ত্ৰণ হেৰুৱাই টুইভাৰ অঞ্চলৰ সমীপত এটা গৰ্জত বাগৰি পৰে।

আৰক্ষীয়ে জনোৱা মতে, এই ঘটনা সংঘটিত কৰাৰ সময়ত চালকসহ ৮ জন যাত্ৰী আছিল আৰু ৫জন লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে আহত যাত্ৰীসকলক আইজলত উন্নত চিকিৎসাৰ বাবে লৈ যোৱা হয়। আটাইকেইজনেই আইজল অভিমুখে গৈ থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয়।

আৰু পঢ়ক: বিশিষ্ট অভিনেতা- ভাওনাশিল্পী বুবাই হাজৰিকাৰ দেহাৱসান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in