বিশিষ্ট অভিনেতা- ভাওনাশিল্পী বুবাই হাজৰিকাৰ দেহাৱসান...

বোকাখাত কুৰুৱাবাহীৰ বিশিষ্ট অভিনেতা , ভাওনা শিল্পী, বায়ন বুবাই হাজৰিকাৰ শুকুৰবাৰে মেৰকান গাঁও স্থিত নিজা বাসগৃহত দেহাৱসান ঘটে।মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৬ বছৰ।
বিশিষ্ট অভিনেতা- ভাওনাশিল্পী বুবাই হাজৰিকাৰ দেহাৱসান...

ডিজিটেল সংবাদ, বোকাখাত: বোকাখাত কুৰুৱাবাহীৰ বিশিষ্ট অভিনেতা , ভাওনা শিল্পী, বায়ন বুবাই হাজৰিকাৰ শুকুৰবাৰে মেৰকান গাঁও স্থিত নিজা বাসগৃহত দেহাৱসান ঘটে।মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৬ বছৰ।

বৃহত্তৰ কুৰুৱাবাহী অঞ্চলৰ সমাজ, সংস্কৃতি আৰু ৰাজনৈতিক ক্ষেত্ৰখনত অগ্ৰনী ভূমিকা পালন কৰি আহিছিল প্ৰয়াত বুবাই হাজৰিকাই।

১৯৬১ চনত কুৰুৱাবাহী যুৱক সংঘত অনুষ্ঠিত হোৱা জিলা ভিত্তিক একাংকিকা নাটক প্ৰতিযোগিতাত প্ৰয়াত সাম্যবাদী নেতা কমলেশ্বৰ ৰাজখোৱাৰ ৰচিত নাটক "মালিক কোন"ত কৰা মুখ্য চৰিত্ৰৰ অভিনয়ৰ যোগেদি সাংস্কৃতিক জগতখনত প্ৰৱেশ কৰিছিল প্ৰয়াত হাজৰিকাই।

বিগত কিছুদিন ধৰি ৰোগাক্ৰান্ত হৈ যোৰহাট মেডিকেল কলেজ চিকিৎসালয়ত চিকিৎসাধিন হৈ আছিল বিশিষ্ট শিল্পী গৰাকী। শিল্পী গৰাকীৰ মৃত্যুত শোকাহত হৈ পৰিছে সমগ্ৰ কুৰুৱাবাহী অঞ্চল।

আৰু পঢ়ক: ৰঞ্জী ট্রফীত হায়দৰাবাদৰ বিৰুদ্ধে অসমৰ জয়, ৰিয়ান পৰাগৰ দুৰ্দান্ত প্ৰদৰ্শন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in