/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/a4422caf-7f25-4dd1-bac9-31247db0d193/272.jpg)
ডিজিটেল সংবাদ,মিজোৰাম : আজি ১ ডিচেম্বৰৰ দিনা মিজোৰাম ৰাজভৱনৰ দৰবাৰ হলত অসম আৰু নাগালেণ্ড দিৱস পালন কৰা হয়। ২ডিচেম্বৰ বৰঅসমৰ প্ৰতিষ্ঠাপক চাওলুং চুকাফাৰ স্মৃতিত অসম দিৱস আয়োজন হ'ব যদিও মিজোৰাম ৰাজভৱন প্ৰশাসনে বিশেষ কাৰণবশতঃ আজিয়েই অনুষ্ঠিত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/ed468812-f1ea-4379-bbff-4f65a7074126/c70e02d3_401b_427e_a004_a4897b8ba498.jpg)
এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ লক্ষ্য উদ্দেশ্যে আগত ৰাখি এটি গাম্ভীৰ্য্যপূৰ্ণ সাংস্কৃতিক আৰু মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয়। ৰাষ্ট্ৰীয় সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত অসম আৰু নাগালেণ্ডৰ পৰ্যটনৰ দৃশ্য শ্ৰব্য ভিডিঅ' প্ৰদৰ্শন কৰা হয়। ৰিপাঞ্চ আইজলৰ ছাত্ৰী কৰিশ্মা চৌধুৰীয়ে অসমীয়া সৃষ্টিশীল নৃত্য প্ৰদৰ্শন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/f74e32c5-4b86-490f-aceb-cfd5a6b499c4/6fd88fc8_6782_4bec_9dad_773f1b6976e6.jpg)
অনুষ্ঠানত মিজোৰাম চিকিৎসা মহাবিদ্যায়ৰ ছাত্ৰ-ছাত্ৰীয়ে সমবেত সঙ্গীত পৰিৱেশন কৰে। মিজোৰাম কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ দেবাশীষই শৰ্মাই নমামি ব্ৰহ্মপুত্ৰ শীৰ্ষক গীতটি অসমীয়া, হিন্দী আৰু নেপালী ভাষাত পৰিৱেশন কৰি দৰ্শকক মন্ত্ৰ মুগ্ধ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/d149f616-0fbd-4732-9b0d-2d6beeee5f6f/bf60665e_187c_4860_b7ec_d0a55e290148.jpg)
মিজোৰাম চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰী পিংগলা পল্লবী বৰাই সুন্দৰ বিহু নৃত্যৰে অনুষ্ঠানৰ মাদকতা বঢ়ায়। লগতে নাগালেণ্ডৰ দুজনী ছাত্ৰীয়ে লোক বাদ্যৰ সহযোগত নাগালেণ্ডৰ লোক সংগীত পৰিৱেশন কৰে। অনুষ্ঠানত অসমৰ ছাত্ৰী ছাত্ৰীৰ হৈ দেবাশীষ শৰ্মাই ৰাজ্যপালক ফুলাম গামোচাৰে প্ৰীতি সম্ভাষণ জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/6cb46cfd-b9f3-4731-8ff1-cc62dc4db751/e8239665_5272_4b54_9c49_68faef2d6368.jpg)
উক্ত অনুষ্ঠানত উপস্থিত থাকি মিজোৰামৰ ৰাজ্যপাল ড০ হৰিবাবু কুম্ভানপতিয়ে কয় যে "অসমে সাতভনীৰ সমন্বয়ৰ বাবে কাম কৰিব লাগিব। কাৰণ অসম হৈছে উত্তৰ পূৰ্বাঞ্চলৰ কেন্দ্ৰ বিন্দু। অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলত বিভিন্ন শান্তি চুক্তিৰ মাধ্যমেৰে শান্তি ঘূৰি আহিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/9263a6c2-9623-409e-9f8b-61e7643cdad3/1e236c7d_252d_4742_8583_56d2562668b0.jpg)
অসম আৰু নাগালেণ্ড বিকাশৰ দিশেৰে আগবাঢ়ি দেশৰ উন্নয়নৰ বাবে অৱদান আগবঢ়াইছে। উক্ত অনুষ্ঠানত অতিথিৰূপে উপস্থিত থাকি মিজোৰাম কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য অধ্যাপক দিবাকৰ চন্দ্ৰ ডেকাই উত্তৰ পূৰ্বাঞ্চল তথা সাতভনীৰে সাংস্কৃতিক আৰু ৰাজনৈতিক গুৰুত্বৰ বিষয়ে আলোকপাত কৰে। লগতে সুন্দৰ অনুষ্ঠানৰ বাবে মিজোৰাম ৰজভৱন প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/0af31902-a4b9-4fee-bdac-774308c19e41/7b20fd2a_7172_4006_bdfb_c249aed39cab.jpg)
অনুষ্ঠানত অসম এচ'চিয়েচন, মিজোৰাম বিশ্ববিদ্যালয়ৰ সভাপতি বিকি হাজৰিকা আৰু নাগা ছাত্ৰ সন্থাৰ সভাপতি নাংলয় ফোম ছাত্ৰ সমাজৰ হৈ ভাষণ প্ৰদান কৰে আৰু ৰাজভৱন প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰে। ৰাষ্ট্ৰীয় সংগীতেৰে অনুষ্ঠানৰ সামৰণি মৰা হয়।
Also Read: উত্তৰ-পূব প্ৰান্তৰ জিলাসমূহলৈ অযোধ্যাৰ শ্ৰীৰাম জন্মভূমি মন্দিৰৰ পৰা অহা অক্ষত কলহ বিতৰণ