/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/38d2a769-b60d-4e75-9ada-e302550c716d/271.jpg)
ডিজিটেল সংবাদ,গুৱাহাটী : বিশ্ব হিন্দু পৰিষদৰ উত্তৰ-পূৱ প্ৰান্তৰ কাৰ্য্যালয় উলুবাৰীৰ বৰঠাকুৰ মিল পথত অৱস্থিত পাঞ্চজন্য ভৱনত শুকুৰবাৰে ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠা উপলক্ষে অযোধ্যাৰ শ্ৰীৰাম জন্মভূমি মন্দিৰৰ পৰা অহা অক্ষত কলহ সমূহ উত্তৰ-পূৱ প্ৰান্তৰ ৩৬ খন জিলালৈ বিতৰণ কৰা হয়। অক্ষত কলহ বিতৰণ অনুষ্ঠানত বিশ্ব হিন্দু পৰিষদৰ গুৱাহাটী ক্ষেত্ৰৰ ক্ষেত্ৰ সংগঠন মন্ত্রী ড° দিনেশ তিৱাৰীৰ লগতে বিশ্ব হিন্দু পৰিষদৰ উত্তৰ-পূব প্রান্তৰ সভাপতি পৰমেশ দত্ত, সম্পাদক ব্রজজ্যোতি শর্মা, প্রান্ত সংগঠন মন্ত্রী হাৰসিং টেৰণ, সহঃ সম্পাদক বিধান চন্দ্র দেৱৰয়, সেৱা প্রমুখ মুন্নীন্দ্র ডেকা (মুন) সহঃ গোৰক্ষা প্রমুখ অংকুৰ বেজবৰুৱা উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/56501c98-e180-41fe-84ea-4ba212d6428b/bb90b127_8638_4386_902d_864864b41e20.jpg)
বিতৰণ কাৰ্য্যসূচীৰ আঁত ধৰি ক্ষেত্ৰ সংগঠন মন্ত্রী ড° দিনেশ তিৱাৰীয়ে কয় যে, অক্ষত কলহত থকা অক্ষত চাউল ভগৱান ৰামচন্দ্ৰৰ ফটো, ৰাম জন্মভূমি মন্দিৰৰ পৰা অহা গোহাৰি পত্ৰ উত্তৰ-পূৱ প্রান্ত সমূহ গাঁও, নগৰ, চহৰ, বস্তিত থকা প্ৰত্যেক ঘৰে-ঘৰে অহা ইংৰাজী ১ জানুৱাৰীৰ পৰা ১৫ জানুৱাৰীলৈ বিতৰণ কৰা হ'ব। ৰাম মন্দিৰত ২২ জানুৱাৰীৰ প্ৰাণ প্রতিষ্ঠাৰ প্ৰতি লক্ষ্য ৰাখি ১ জানুৱাৰীৰ পৰা ১৫ জানুৱাৰীলৈ সর্বস্পর্শি, সর্বব্যাপি সম্পর্ক অভিযান চলোৱা হ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/9041e119-c30b-4f16-8837-9a9d4ee342f3/9f3c4e50_e3b4_434c_b622_74c2d2c192f5.jpg)
অক্ষত কলহ বিতৰণ অনুষ্ঠানত বিশ্ব হিন্দু পৰিষদৰ উত্তৰ-পূৱ প্ৰান্তৰ ৩৬ খন জিলাৰ সভাপতি, সম্পাদকৰ লগতে ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ জিলা স্তৰৰ কার্যকৰ্ত্তাসকল উপস্থিত থাকে।
Also Read: ঢকুৱাখনা জলসম্পদ উপ-সংমণ্ডলৰ নতুন এছ ডি অ'ৰ কাৰ্যভাৰ গ্ৰহণ