শান্তিপূৰ্ণ ভোটগ্ৰহণ হোৱা মিজোৰামত ভোটগণনা প্ৰক্ৰিয়াও শান্তিপূৰ্ণ কৰাৰ আশ্বাস ডিজিপৰ...

শান্তিপূৰ্ণ ভোটগ্ৰহণ হোৱা মিজোৰামত ভোটগণনা প্ৰক্ৰিয়াও শান্তিপূৰ্ণ কৰাৰ আশ্বাস ডিজিপৰ...

author-image
Asomiya Pratidin
New Update
শান্তিপূৰ্ণ ভোটগ্ৰহণ হোৱা মিজোৰামত ভোটগণনা প্ৰক্ৰিয়াও শান্তিপূৰ্ণ কৰাৰ আশ্বাস ডিজিপৰ...

শান্তিপূৰ্ণ ভোটগ্ৰহণ হোৱা মিজোৰামত ভোটগণনা প্ৰক্ৰিয়াও শান্তিপূৰ্ণ কৰাৰ আশ্বাস ডিজিপৰ...

ডিজিটেল ডেস্কঃ শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ যোৱা মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগণনা প্ৰক্ৰিয়াও শান্তিপূৰ্ণভাৱেই অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে মিজোৰাম আৰক্ষী। ৰাজ্যখনত ভোটগণনাৰ সময়ছোৱাত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে ল'বলগীয়া সকলো পদক্ষেপেই ল'বলৈ সাজু মিজোৰাম আৰক্ষী।

Advertisment

এই সন্দৰ্ভত মিজোৰাম আৰক্ষী সঞ্চালকপ্ৰধান অনিল শুক্লাই মঙলবাৰে কয় যে "ঘটনামুক্ত ভোট গণনাৰ বাবে সম্পূৰ্ণ সুৰক্ষা ব্যৱস্থা লোৱা হৈছে।" উল্লেখ্য যে, ৪০ খন আসনৰ মিজোৰাম বিধানসভাৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছিল যোৱা ৭ নৱেম্বৰত।

ৰাজ্যখনৰ ডি জি পি অনিল শুক্লাই মঙ্গলবাৰে কয়, "ভাৰতীয় নিৰ্বাচন আয়োগে সিদ্ধান্ত লোৱা অনুসৰি বিভিন্ন ৰাজ্যৰ লগতে মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগণনা ৩ ডিচেম্বৰত অনুষ্ঠিত হ'ব। সকলো ভোটিং মেচিন বিভিন্ন জিলাৰ শক্তিশালী কোঠাত সুৰক্ষিতভাৱে ৰখা হৈছে। আমি ভোট গণনাৰ সময়ত অসামৰিক প্ৰশাসনক সহায় কৰিম। কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু কেন্দ্ৰীয় বাহিনীও ইয়াত আছে। ইয়াৰ উপৰিও, আই আৰ বি এন আৰু মিজোৰামৰ সশস্ত্ৰ আৰক্ষীও মোতায়েন কৰা হৈছে। গতিকে আমাৰ ওচৰত সম্পূৰ্ণ সুৰক্ষা থাকিব আৰু ঘটনামুক্ত ভোট গণনাৰ ব্যৱস্থা কৰা হ'ব।

ইফালে ৰাজ্যখনৰ ড্ৰাগছ ব্যৱসায় তথা অবৈধ সৰবৰাহ ৰোধৰ বিষয়েও তেওঁ মন্তব্য কৰিছে। তেওঁ কয়, ড্ৰাগছৰ অবৈধ সৰবৰাহ ৰোধ কৰা তেওঁলোকৰ বাবে ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে।

তেওঁ কয়, "ম্যানমাৰৰ সৈতে আমাৰ এক বৃহৎ বেষ্টনী বিহীন সীমান্ত আছে। ম্যানমাৰে অবৈধ সুৰা আৰু ড্ৰাগছ উৎপাদন আৰু বিতৰণ কৰি আছে। এইবোৰ বিভিন্ন ৰূপত আহি আছে। যাৰ ভিতৰত আছে হেৰ'ইন, স্ফটিক মেথ আৰু য়াবা টেবলেট।

শেহতীয়াকৈ, আমি বৃহৎ সংখ্যক য়াবা টেবলেট জব্দ কৰিছো আৰু যোৱা মাহত ৭৫ কোটি টকাৰ স্ফটিক মেথ জব্দ কৰা হৈছিল। আমি মিজোৰামৰ ড্ৰাগছ সৰবৰাহ ৰোধ কৰিবলৈ কাম কৰি আছো।

উল্লেখ্য যে, সদ্য সমাপ্ত মিজোৰাম নিৰ্বাচনত ড্ৰাগছ সৰবৰাহ আছিল নিৰ্বাচনৰ অন্যতম ইছ্যু। আটাইকেইটা ৰাজনৈতিক দলেই এই বিষয়টো জনতাৰ মাজলৈ লৈ গৈছিল।

এইবাৰ ৰাজ্যখনত তিকি কোণীয়া নিৰ্বাচন অনুষ্ঠিত হৈছে। মূলতঃ শাসীক মিজো নেচনেল ফ্ৰণ্ট, কংগ্ৰেছ আপু জোৰাম পিপলছ মোভমেণ্টৰ মাজতে হৈছে যুঁজখন। ইয়াৰ ভিতৰত জোৰাম পিপলছ মোভমেণ্টে কিং মেকাৰৰ ভূমিকা গ্ৰহণ কৰিব বুলি ধাৰণ কৰা হৈছে।

Also Read: ৰাজস্থান কংগ্ৰেছৰ ইস্তাহাৰঃ নিবনুৱা, কৃষক, শ্ৰমিক, মহিলা, কৰ্মচাৰী সকলোকে সামৰি ভিন্ন প্ৰতিশ্ৰুতি...

মিজোৰাম