/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/55a1f0d8-c589-4e28-b340-ea0134d8d767/AP_FOR_WEB_congress.jpg)
ৰাজস্থান কংগ্ৰেছৰ ইস্তাহাৰঃ নিবনুৱা, কৃষক, শ্ৰমিক, মহিলা, কৰ্মচাৰী সকলোকে সামৰি ভিন্ন প্ৰতিশ্ৰুতি...
ডিজিটেল ডেস্কঃ ৰাজস্থানত ক্ষমতা নিজৰ হাতত ৰাখিবলৈ বদ্ধপৰিকৰ হৈছে কংগ্ৰেছ। যিকোনো পৰিস্থিতিতে জনতাৰ হৃদয় জয় কৰিবলৈ সাজু শাসকীয় দলটো। যাৰ বাবে বিজেপিক প্ৰত্যাহ্বান জনাই কংগ্ৰেছে নিৰ্বাচনী ইস্তাহাৰত দিছে মানুহৰ মন জয় কৰিব পৰাকৈ প্ৰতিশ্ৰুতি। দৰিদ্ৰ, কৃষক, মহিলা, নিবনুৱা যুৱক-যুৱতী, শ্ৰমিক, ব্যৱসায়ী, চৰকাৰী কৰ্মচাৰীসকলোকে স্পৰ্শ কৰিব পৰাকৈ নিৰ্বাচনী ইস্তাহাৰত ভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।
২০০ খন বিধানসভা আসনৰ ৰাজস্থান বিধানসভাৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ২৫ নৱেম্বৰত। এনে পৰিস্থিতিত ৰাজ্যখনত পূৰ্ণগতিত চলিছে নিৰ্বাচনী বতাহ। কংগ্ৰেছৰ দখলত থকা ৰাজ্যখন পুনৰ উদ্ধাৰ কৰিবৰ বাবে বিজেপিয়ে সৰ্বশক্তি প্ৰয়োগ কৰিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাকে ধৰি সকলো শীৰ্ষ নেতা জপিয়াই পৰিছে ৰাজ্যখনৰ নিৰ্বাচনী প্ৰচাৰত। ৰাজ্যখনত তেওঁলোকে বাহিৰ কৰিছে বিশাল ৰোড শ্ব'।
পিছপৰি থকা নাই কংগ্ৰেছো। কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী, সভাপতি মল্লিকাৰ্জুন খাৰ্গে, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ভাদ্ৰাকে ধৰি সকলো শীৰ্ষ পৰ্যায়ৰ নেতাই ৰাজ্যখনত চলাই আছে তীব্ৰ প্ৰচাৰ অভিযান।
তাৰ মাজতেই মঙ্গলবাৰে ৰাজ্যখনত কংগ্ৰেছে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ। জয়পুৰত কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকি মল্লিকাৰ্জুন খাৰ্গেয়ে কয়, ৰাজস্থান কংগ্ৰেছৰ এক শক্তিশালী দুৰ্গলৈ পৰিণত হৈছে। আমি সেইবোৰ প্ৰতিশ্ৰুতিহে দিও যিবোৰ আমি পূৰণ কৰিব পাৰো।
আনহাতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অশোক গেহলটে কয়, এই বছৰৰ শেষৰ ফালে ৰাজস্থানৰ অৰ্থনীতি ১৫ লাখ কোটি টকা হ’বগৈ। ২০৩০ চনৰ ভিতৰত এই অৰ্থনীতিক ৩০ লাখ কোটি টকাললৈ লৈ যোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
#WATCH | Jaipur: Rajasthan CM Ashok Gehlot says, "...The way in which we have managed the financial situation of Rajasthan, the people of Rajasthan will feel proud about it... The per capita income has increased by 46.48 per cent in Rajasthan. Till 2030, it is our dream to… pic.twitter.com/NhNVBPKlZ5
— ANI (@ANI) November 21, 2023
কংগ্ৰেছে মুকলি কৰা ইস্তাহাৰখনত কোৱা হৈছে যে, স্বামীনাথন সমিতিৰ পৰামৰ্শ অনুসৰি ৰাজ্যখনৰ কৃষকৰ বাবে এম এছ পি আইন অনা হ’ব। ইয়াৰ ফলত ৰাজ্যখনৰ ৮০ লাখ কৃষক উপকৃত হ'ব। তেওঁলোকৰ বাবে ২ লাখ টকালৈ সুত মুক্ত ঋণ দিয়াৰো ঘোষণা কৰা হৈছে।
চিৰঞ্জীৱী বীমাৰ পৰিমাণ ২৫ লাখ টকাৰ পৰা ৫০ লাখ টকালৈ বৃদ্ধি কৰা হ'ব। ৰাজ্যখনৰ নিবনুৱা যুৱক-যুৱতীসকলক সংস্থাপনৰ বাবে কংগ্ৰেছে নিৰ্বাচনী ইস্তাহাৰত প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।
তেওঁলোকে ৰাজ্যখনৰ ৪ লাখ নিবনুৱা যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰাৰ লগতে ১০ লাখ নিবনুৱাক সংস্থাপনৰ বাট মুকলি কৰি দিয়া হব বুলি উল্লেখ কৰিছে। মন কৰিবলগীয়া যে ৰাজ্যখনত এইবাৰ প্ৰথম ভোটাৰ ২২ লাখ।
#WATCH | Jaipur, Rajasthan: On the release of the Congress manifesto in Rajasthan, Congress National President Mallikarjun Kharge says, "...We fulfill the promises we make... If any party does 90 per cent of what is said in the manifesto, then this is a big achievement for… pic.twitter.com/AOK6EwPQQM
— ANI (@ANI) November 21, 2023
ইয়াৰোপৰি ৩০ বছৰৰ তলৰ ভোটাৰৰ সংখ্যা ১ কোটি ৫৩ লাখ। সেয়েহে নিবনুৱাক সংস্থাপনৰ বাবে দিয়া এই প্ৰতিশ্ৰুতিয়ে যদি এই বৃহৎ সংখ্যক ভোটাৰৰ মন জয় কৰিব পাৰে তেন্তে এয়া তেওঁলোকৰ বাবে হৈ পৰিব ভোট বেংক। ইস্তাহাৰত কংগ্ৰেছে পঞ্চায়ত পৰ্যায়ত চৰকাৰী চাকৰিৰ এক নতুন কোডৰ সৃষ্টি কৰাৰ প্ৰতিশ্ৰুতিও দিছে।
ইফালে মহিলাসকলক আকৰ্ষণ কৰিবৰ বাবে গেছ চিলিণ্ডাৰৰ মূল্যও হ্ৰাস কৰাৰ কথা ঘোষণা কৰা হৈছে। বৰ্তমান ৰাজ্যখনত ৫০০ টকাত গেছ চিলিণ্ডাৰ উপলব্ধ। নিৰ্বাচনত বিজয়ী হ'লে কংগ্ৰেছে ৪০০ টকাত গেছ চিলিণ্ডাৰ প্ৰদান কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।
দ্বাদশ শ্ৰেণীলৈকে শিক্ষানুষ্ঠানত বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। ইয়াৰোপৰি ৰাজ্যখনত তথ্য জনাৰ অধিকাৰ আইন প্ৰয়োগ কৰা হ'ব বুলি কোৱা হৈছে।শ্ৰমিকসকলৰ বাবে এমজিএনৰেগা আৰু ইন্দিৰা গান্ধী নগৰীয়া নিযুক্তি আঁচনিৰ অধীনত কামৰ দিনৰ সংখ্যা ১২৫ দিনৰ পৰা ১৫০ দিনলৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে।
ক্ষুদ্ৰ ব্যৱসায়ী, দোকানীসকলক ৫ লাখ টকালৈকে সুত-মুক্ত ঋণ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। ইয়াৰ বাবে ব্যৱসায়ীসকলক ক্ৰেডিট কাৰ্ড আঁচনি প্ৰদান কৰা হ'ব। কৰ্মচাৰীৰসকলৰ বাবে চতুৰ্থ দৰমহা স্কেল প্ৰদান কৰা, বিষয়াসকলক এপেক্সে স্কেল প্ৰদান কৰা কথা কোৱা হৈছে।
#WATCH | Rajasthan elections| Congress National President Mallikarjun Kharge says, "...When I asked PM Modi and (Arun) Jaitley sahab that you have kept less money for MGNREGA, are you going to abolish it? They said that we would not abolish this... They kept little money in… pic.twitter.com/NeFHe4CDve
— ANI (@ANI) November 21, 2023
১০০ জনলৈকে জনসংখ্যা থকা গাওঁ বা জনপদসমূহক পথৰ দ্বাৰা সংযোগ কৰা, প্ৰতিখন গাওঁ আৰু নগৰীয়া ৱাৰ্ডত নিৰাপত্তাৰক্ষী মোতায়েন কৰা, গৃহ নিৰ্মাণ আইন আনি সকলোকে আৱাসগৃহ প্ৰদান কৰা আদি আঁচনিসমূহ অধিক শক্তিশালী কৰাৰ কথা কোৱা হৈছে ইস্তাহাৰত।
আনহাতে ইস্তাহাৰত জাতিগত জৰীপৰ কথা উল্লেখ কৰি সামাজিক ন্যায় আৰু সামাজিক সুৰক্ষাৰ কথা উল্লেখ কৰিছে কংগ্ৰেছে। ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা কংগ্ৰেছৰ ৰায়পুৰ অধিৱেশনত জাতিগত পিয়লৰ যি প্ৰস্তাৱ গ্ৰহণ কৰিছিল সেই প্ৰস্তাৱ অনুসৰি ৰাজস্থানতো জাতিগত পিয়ল আৰম্ভ কৰাৰ কথা ঘোষণা কৰা হৈছে।
ইয়াৰ পূৰ্বে বিহাৰত এইদৰে জাতিগত পিয়ল চলোৱা হৈছে। এই পিয়লৰ আধাৰতে বিহাৰত জাতিগত সংৰক্ষণ বৃদ্ধি কৰা হৈছে।ৰাজস্থানতো পুনৰ কংগ্ৰেছ চৰকাৰ আহিলে জাতিগত সংৰক্ষণ বৃদ্ধি কৰা হ'ব।
মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰত বাৰে বাৰে সমালোচিত হোৱা কংগ্ৰেছে ৰাজস্থানত মহিলাৰ সুৰক্ষাৰ দিশটোকো গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে। মহিলাৰ সুৰক্ষাৰ বাবে গাঁও, চহৰ সকলোতে সুৰক্ষা কৰ্মী নিয়োগ, সাৰ্বজনীন স্থানত চি চি টিভি কেমেৰা স্থাপনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে নিৰ্বাচনী ইস্তাহাৰত। ৰাজ্যখনত ২ কোটি ৫৩ লাখ মহিলা ভোটাৰ আছে।
Also Read: অভিনন্দন ! বিকাশৰ গতিত সুৰংগত আৱদ্ধ শ্ৰমিকৰ জীৱন...