মিজোৰামত ১৮০০ ৰাউণ্ড একে-৪৭ গুলীসহ দুজন ম্যানমাৰৰ নাগৰিকক গ্ৰেপ্তাৰ

মিজোৰামত ১৮০০ ৰাউণ্ড একে-৪৭ গুলীসহ দুজন ম্যানমাৰৰ নাগৰিকক গ্ৰেপ্তাৰ

author-image
Asomiya Pratidin
New Update
মিজোৰামত ১৮০০ ৰাউণ্ড একে-৪৭ গুলীসহ  দুজন ম্যানমাৰৰ নাগৰিকক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ বেকাজানঃ আসাম ৰাইফলচ আৰু মিজোৰাম আৰক্ষীৰ সফলতা। চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত আছাম ৰাইফলছ আৰু মিজোৰাম আৰক্ষীয়ে যৌথ অভিযান চলাই মঙলবাৰে বৃহৎ সংখ্যক একে ৪৭ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

Advertisment

জানিব পৰামতে আছাম ৰাইফলছৰ দলটোৱে ট্লাংপুইকানৰ সমীপৰ চেক পইণ্টত সন্দেহযুক্ত বাহনত তালাচী চলাই ১৮০০ ৰাউণ্ড এ কে ৪৭ উদ্ধাৰ কৰে। এই সন্দৰ্ভত ম্যানমাৰৰ দুজন নাগৰিককে ধৰি তিনিজন লোকক গুলী ৰখা অপৰাধত গ্ৰেপ্তাৰ কৰা হয়। পিছত চিয়াহা থানাক গতাই দিয়ে।

Also Read: শ্ৰীলংকাক পৰাস্ত কৰি এছিয়া কাপৰ ফাইনেলত ভাৰত...

mizoram